NORTHEAST NOW (Assamese)
অসম

পূজাৰ মাজতে শিৱসাগৰত পথ দুৰ্ঘটনাত নিহত দুই যুৱক

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ October 15, 2021 8:46 am

ৰাজ্যৰ চাৰিওফালে দূৰ্গা পূজাৰ আনন্দৰ মাজতে যোৱা নিশা শিৱসাগৰত পথ দুৰ্ঘটনাত দুজন যুৱকৰ মৃত্যু হয়।

শিৱসাগৰ মানকটা তিনি আলিৰ সমীপত পুখুৰীত পৰি দূৰ্ঘটনাত পতিত হয় এখন চুইফট ডিজেয়াৰ গাড়ী।

ভটিয়াপাৰৰ দিশৰ পৰা শিৱসাগৰলৈ আহি থকা ডিজেয়াৰ গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ পুখুৰী এটাত বাগৰি পৰে।
লগে লগে স্থানীয় লোকে পানীৰ তলত থকা গাড়ীখনৰ পৰা তিনিজন লোকক উদ্ধাৰ কৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে ইয়াৰে  দুয়োজনক মৃত ঘোষণা কৰে।

আঘাতপ্ৰাপ্ত আন এজনক ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

দূৰ্ঘটনাটোত নিহত যুৱক দুজন হৈছে জয়সাগৰ গাওঁৰক্ষী বাহিনীৰ সদস্য তথা অধিবক্তা নিবেদন শৰ্মা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰূদ্ৰসাগৰ আঞ্চলিকৰ উপ সভাপতি ৰাজমণি দাস বুলি জানিব পৰা গৈছে।

ইপিনে আঘাতপ্ৰাপ্ত যুৱকজন বলিয়াঘাটৰ মৃনাল দাস বুলি জানিব পৰা গৈছে।

দুয়োগৰাকী উদীয়মান যুৱকৰ মৃত্যুত সমগ্ৰ জয়সাগৰ অঞ্চলত শোকৰ ছাঁ পৰিছে।