NORTHEAST NOW (Assamese)

ধেমাজিত কামৰূপ এক্সপ্ৰেছৰ খুন্দাত দুই যুৱকৰ মৃত্যুঃ ৰে’লৱে’ কৰ্মচাৰীৰ ভুলৰ বাবেই অঘটনৰ অভিযোগ ৰাইজৰ

July 25, 2025 10:50 am · এন ই নাও নিউজ, গুৱাহাটী

ধেমাজিত ৰেলে মহটিয়ালে দুই যুৱকক। কামৰূপ এক্সপ্ৰেছৰ খুন্দাত দুই যুৱকৰ মৃত্যু হয়।

ৰেলৱে কৰ্মচাৰীৰ ভুলৰ বাবে দুই যুৱকৰ মৃত্যুৰ অভিযোগ উত্থাপন হৈছে। পুৱতি নিশা বৰগাঁও ৰেল গেটত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা।

ৰেলৰ খুন্দাত অমিত সোণোৱাল আৰু উত্তম সোণোৱাল নামৰ দুজন যুৱকৰ মৃত্যু হয়। মৃত অমিত সোণোৱাল বৰগাঁৱৰ গাঁও প্ৰধান।

ঘটনাস্থলীত জি আৰ পি উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

উৎকট গৰমৰ বাবে দুই যুৱকে নিশা ৰেল লাইনত বহি থকাৰ সন্দেহ ব্যক্ত কৰিছে স্থানীয় লোকে।

Related News