NORTHEAST NOW (Assamese)

ভাৰত-চীন সীমা বিবাদ প্ৰসংগত মূৰ নঘমাব, আমেৰিকাক সকিয়ালে চীনে, কিন্তু কিয়

January 7, 2021 3:50 pm · এন ই নাও নিউজ
Updated: January 7, 2021 4:12 pm

চীন-ভাৰতৰ সীমা বিবাদে ইতিমধ্যে কেইবাটাও দশক অতিক্ৰম কৰিছে।

সীমা বিবাদ দূৰ কৰাৰ বাবে দুয়োখন দেশে বহু বাৰ আলোচনাত মিলিত হৈছে যদিও আজিলৈকে এই সমস্যাৰ কোনো আশু সমাধান সূত্ৰ ওলোৱা নাই।

ইয়াৰ মাজতে আজি চীনে চীন-ভাৰতৰ সীমা সমস্যাৰ বিষয়ত অযথা মূৰ নঘমাবলৈ আমেৰিকাক সকিয়াই দিয়ে।

চীনে কয় যে ভাৰত-চীনৰ সীমা সমস্যা দুয়োখন দেশৰ দ্বিপাক্ষিক সমস্যা। সেয়ে এই ক্ষেত্ৰত কোনো তৃতীয় পক্ষই মাত মতা উচিৎ নহয়।

উল্লেখ্য শেহতীয়াকৈ ভাৰতত থকা মাৰ্কিন ৰাষ্ট্ৰদূত কেনেথ জাষ্টাৰে এইবুলি কৈছে যে সামৰিক সহযোগিতাৰ ক্ষেত্ৰত আমেৰিকাই সদায় ভাৰতক সহায় কৰি আহিছে।

লাডাখত চীনৰ আগ্ৰাসী নীতিৰ বিৰুদ্ধে আমেৰিকাই মাত মাতি আহিছে আৰু মাত মাতি যাব বুলি মাৰ্কিন ৰাষ্ট্ৰদূতগৰাকীয়ে প্ৰকাশ কৰিছে।

ভাৰতস্থিত মাৰ্কিন ৰাষ্ট্ৰদূতগৰাকীৰ এনে মন্তব্যৰ পিছতে নতুন দিল্লীত থকা চীনৰ ৰাষ্ট্ৰদূত ছান ৱেইডঙে কৈছে যে চীন-ভাৰত সমস্যা সন্দৰ্ভত আমেৰিকাই মাত মতাটো চীনে কেতিয়াও সহ্য নকৰে।

আমেৰিকাই চীনৰ ওপৰত হেঁচাৰ সৃষ্টি কৰাৰ বাবেই এনেদৰে ভাৰতৰ কান্ধত বন্দুক থৈ গুলী ফুটাইছে বুলি চীনা ৰাষ্ট্ৰদূতগৰাকীয়ে মন্তব্য কৰে।

Related News