NORTHEAST NOW (Assamese)

মিছাইল আক্ৰমণক লৈ ভুৱা পোষ্ট দিয়াৰ অভিযোগ; UAEত ১৯ জন ভাৰতীয়কে ধৰি ৩৫ জনক গ্ৰেপ্তাৰ

March 16, 2026 11:50 am · এন ই নাও নিউজ, গুৱাহাটী

ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণৰ পিছৰে পৰা সংযুক্ত আৰব আমিৰশ্বাহীত (ইউ এ ই)ত হঠাতে যুদ্ধৰ প্ৰভাৱ পৰিছে। ইৰাণৰ ড্ৰ’ন আৰু মিছাইলেও সংযুক্ত আৰব আমিৰশ্বাহীত আঘাত হানিছে। আতংকিত হৈ পৰিছে বাসিন্দাসকল। বিভ্ৰান্তিকৰ পোষ্টে যুদ্ধৰ মাজত পৰিস্থিতি অধিক জটিল কৰি তুলিছে।

এইবাৰ সংযুক্ত আৰব আমিৰশ্বাহী প্ৰশাসনে সাধাৰণ নাগৰিকৰ ওপৰত হোৱা হাৰাশাস্তি হ্ৰাস কৰিবলৈ উৰাবাতৰি বিয়পোৱা পোষ্টৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। পশ্চিম এছিয়াৰ যুদ্ধ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত বিভ্ৰান্তিকৰ তথ্য আৰু ছবি পোষ্ট কৰাৰ অভিযোগত ৩৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে ইউ এ ই প্ৰশাসনে। ইয়াৰে ১৯ জন ভাৰতীয় নাগৰিক।

চৰকাৰী তদন্তত প্ৰকাশ পাইছে যে বহু লোকে যুদ্ধৰ সৈতে জড়িত বিভ্ৰান্তিকৰ ভিডিঅ’ আৰু তথ্য পোষ্ট কৰিছিল। এই পোষ্টবোৰৰ বহুততে এনেকুৱা ভিডিঅ’ ব্যৱহাৰ কৰা হৈছিল যিবোৰ আচলতে আন দেশৰ ফুটেজ বা পুৰণি কাণ্ডৰ ফুটেজ আছিল যদিও শেহতীয়া যুদ্ধৰ ঘটনা বুলি দাবী কৰা হৈছিল। ফলত সাধাৰণ মানুহৰ মাজত ব্যাপক আতংকৰ সৃষ্টি হয়। যাৰ বাবে পৰিস্থিতি অধিক জটিল হৈ পৰিল।

ইউ এ ইৰ চৰকাৰী সংবাদ সংস্থা ৱামৰ তথ্য অনুসৰি গ্ৰেপ্তাৰ হোৱা লোকসকলৰ বিৰুদ্ধে শীঘ্ৰে বিচাৰৰ কথা জনোৱা হৈছে। চৰকাৰী সূত্ৰৰ পৰা পোৱা তালিকা অনুসৰি শনিবাৰে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়া হয়। ইয়াৰে ১৭জন ভাৰতীয় বিভিন্ন অভিযোগত অভিযুক্ত। প্ৰথম অৱস্থাত দুজন ভাৰতীয়কে ধৰি ১০ জন লোকৰ নাম উল্লেখ কৰি গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। পিছত অভিযুক্তৰ সংখ্যা বৃদ্ধি পালে।

ইউ এ ই কৰ্তৃপক্ষই জনোৱা মতে, একাংশ অভিযুক্তই প্ৰকৃত ঘটনাৰ ভিডিঅ’ ব্যৱহাৰ কৰি ভুল তথ্য বিয়পাইছিল। আন কিছুমানে কৃত্ৰিম বুদ্ধিমত্তা বা AI ব্যৱহাৰ কৰি ভুৱা বিস্ফোৰণ বা আক্ৰমণৰ ভিডিঅ’ তৈয়াৰ কৰি ছ’চিয়েল মিডিয়াত পোষ্ট কৰে। তদন্তকাৰীয়ে দাবী কৰিছে যে কিছুমান পোষ্টত কোনো বিশেষ দেশৰ সামৰিক ব্যৱস্থাৰ সমৰ্থনত উল্লাসও প্ৰকাশ কৰা হৈছে।

ইউ এ ইৰ এটৰ্নী জেনেৰেল ড০ হামাদ ছাইফ আল শ্বামছে এক বিবৃতিত কয় যে, “জনসাধাৰণৰ মাজত বিশৃংখলতা সৃষ্টি কৰিবলৈ আৰু সাধাৰণ স্থিতিশীলতা ক্ষতিগ্ৰস্ত কৰিবলৈ কৃত্ৰিম তথ্য আৰু কৃত্ৰিম কন্টেন্ট সৃষ্টি কৰা হয়। এই পদক্ষেপ সেইটো ৰোধ কৰিবলৈ কৰা হৈছে।”

প্ৰথম দহজন অভিযুক্তৰ ভিতৰত ৫জন ভাৰতীয়, এজন পাকিস্তানী, এজন নেপালী, দুজন ফিলিপাইনছৰ আৰু এজন ইজিপ্তৰ। ইউ এ ইৰ আকাশমাৰ্গত ক্ষেপণাস্ত্ৰ প্ৰৱেশ আৰু ইয়াক বাধা দিয়াৰ অনুসৰণ হিচাপে ভুৱা ভিডিঅ’ পোষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে। এটৰ্নী জেনেৰেল আল শ্বামছে কয়, “অভিযুক্তসকলে ইউ এ ইৰ বিভিন্ন ঠাইত বিস্ফোৰণ, আক্ৰমণ বা ধোঁৱাকে ধৰি ডাঙৰ অগ্নিকাণ্ডৰ ভুৱা বাতৰি বিয়পাইছিল।”

এমিৰেটছ নিউজ এজেন্সীয়ে প্ৰকাশ কৰা অনুসৰি এনে ভুৱা বা বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰাটো দেশৰ নিৰাপত্তাৰ বাবে বিপদজনক। বিশেষকৈ যুদ্ধৰ সময়ত এনে পোষ্টে মানুহৰ মাজত আতংক বৃদ্ধি কৰিব পাৰে আৰু ভুল তথ্যৰ বাবে জীৱনো হেৰুৱাব পাৰে। এই কাৰণে অভিযুক্তৰ বিৰুদ্ধে তৎকালীন আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে। এই গোচৰসমূহৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰা হ’ব।

সংযুক্ত আৰব আমিৰশ্বাহীত এনে কাৰ্যক আইনৰ অধীনত অপৰাধ বুলি গণ্য কৰা হয়, যাৰ বাবে কমেও ১ বছৰৰ কাৰাদণ্ড আৰু কমেও ১,০০,০০০ দিৰহাম (ভাৰতীয় মুদ্ৰাত প্ৰায় ২৫,১০,০০০ টকা) জৰিমনা বিহা হ’ব পাৰে।

উল্লেখ্য যে পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিত বহু দেশে ছ’চিয়েল মিডিয়াত ভুৱা বাতৰি আৰু বিভ্ৰান্তিকৰ তথ্য বিয়পি পৰাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। একে সময়তে সাধাৰণ ৰাইজকো সকীয়াই দিয়া হৈছে যে তেওঁলোকে পৰীক্ষিত নোহোৱা তথ্য বা ভিডিঅ’ শ্বেয়াৰ নকৰিব।

Related News