NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত উবেৰ চালকৰ কাণ্ড : নিশা উবেৰৰ ভিতৰত ধৰ্ষণৰ চেষ্টা অৰুণাচলৰ যুৱতীক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 21, 2023 2:11 pm

ক্ৰমাৎ ভয়ানক হৈ উঠিছে নিশাৰ গুৱাহাটী। এইবাৰ উবেৰ চালকে যাত্ৰীৰ লগত অপকৰ্ম কৰিবলৈ চেষ্টা কৰাৰ ঘটনা পোহৰলৈ আহিছে।

যোৱা নিশা খ্ৰীষ্টানবস্তিৰ ইণ্ডিয়ান পেট্ৰল পাম্পৰ সমীপত সংঘটিত হৈছে এই ঘটনা।

ভুক্তভোগী যুৱতীয়ে অভিযোগ কৰা মতে নিশাৰ এন্ধাৰৰ সুযোগত উবেৰ ৰখাই গাড়ীৰ ভিতৰতে যুৱতীগৰাকীক ধৰ্ষণৰ চেষ্টা উবেৰ চালকজনৰ।

কালি নিশা প্ৰায় ১০:৩০ বজাত সংঘটিত হৈছে এই ঘটনা। 

পেট্ৰ’ল ভৰোৱাৰ চলেৰে খ্ৰীষ্টানবস্তিত গাড়ীখন ৰখাই কোনো মানুহ নোহোৱাৰ সুযোগ লৈ যুৱতীগৰাকীক অপকৰ্মৰ চেষ্টা কৰিছিল যুৱকজনে।

ধৃত উবেৰ চালকজনৰ নাম মুছলেম আলী বুলি জানিব পৰা গৈছে। উবেৰখনৰ নম্বৰ হৈছে AS 25 CC 1847। 

ইতিমধ্যে ঘটনা সন্দৰ্ভত দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে অৰুণাচলৰ ভুক্তভোগী যুৱতীগৰাকীয়ে।

ইতিমধ্যে জু-ৰোডৰ পৰা উবেৰ চালকজনক আৰক্ষীয়ে আটক কৰিছে।