NORTHEAST NOW (Assamese)

দৰং, ওদালগুৰি জিলাৰ য়ুকো বেংকৰ কে চি চি হিতাধিকাৰীলৈ ঋণ ঘূৰোৱাৰ সহজ বিকল্প

December 19, 2018 12:46 pm · ময়ূখ গোস্বামী
প্ৰতিনিধিত্বমূলক চিত্ৰ

য়ুকো বেংকৰ সকলো শাখাৰ যিসকল কে চি চি হিতাধিকাৰীয়ে দীৰ্ঘদিন ধৰি কে চি চি ঋণ পৰিশোধ কৰিব পৰা নাই সেই সকল হিতাধিকাৰীলৈ য়ুকো বেংক কৰ্তৃপক্ষই এক সুযোগ আগ বঢ়াইছে। বেংকৰ প্ৰযোজ্য নিয়মানুসৰি তেওঁলোকৰ পুৰণি ঋণ ঘূৰোৱাৰ কেইবাটাও বিকল্প বেংকটোৱে গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে নতুন ঋণৰ ব্যৱস্থা, তৎকালীন ঋণৰ ব্যৱস্থা, আলোচনাৰ জৰিয়তে তাৎক্ষণিক মীমাংসা কৰা আদি এই আঁচনিৰ ভিতৰত আছে।

এই আঁচনি ইতিমধ্যে মঙলবাৰৰ পৰা আৰম্ভ হৈছে আৰু পৰৱৰ্তী ২৯ ডিচেম্বৰলৈ ই বাহাল থাকিব। দৰং জিলাৰ অগ্ৰণী বেংক বিষয়া প্ৰদীপ কুমাৰ গোস্বামীয়ে এই কথা ‘নৰ্থ-ইষ্ট নাও’ৰ আগত প্ৰকাশ কৰে। হিতাধিকাৰী সকলে বিনা দ্বিধাই নিজৰ এলেকাৰ য়ুকো বেংকৰ শাখালৈ গৈ এই সুযোগ গ্ৰহণ কৰি ঋণমুক্ত হ’ব পাৰে।

আনহাতে এই আঁচনিৰ যাতে সফল ৰূপায়ন হয় তাৰ বাবে ১৬ ডিচেম্বৰত য়ুকো বেংকৰ কলকতাস্থিত মুখ্য কাৰ্যালয়ৰ প্ৰশাসনিক বিষয়া সমীৰণ দাস, যোৰহাটস্থিত মণ্ডল কাৰ্যালয়ৰ উপ মণ্ডল প্রমুখ তপন কুমাৰ শৰ্মা, দৰং জিলাৰ অগ্ৰণী বেংক বিষয়া, য়ুকো গ্ৰামীন স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক আদিকে কৰি বেংকটোৰ বহুকেইগৰাকী শীৰ্ষ বিষয়াই ওদালগুৰি আৰু দৰঙৰ আটাইকেইটা শাখাৰ শাখা পৰিচালকৰ সৈতে মিলিত হৈ এই আঁচনিৰ সফল ৰূপায়নৰ আহ্বান জনায়।

উল্লেখযোগ্য যে এই আঁচনিৰ জৰিয়তে ১৮৫৬ জন কৃষকৰ অনাদায়ী ৯ কোটি ৭৫ লাখ ৯০ হাজাৰ ৮২৫ টকা পৰিমাণৰ অনাদায় ঋণৰ অন্ততঃ পঞ্চাশ শতাংশ আদায় হোৱাৰ আশা কৰিছে বেংক কৰ্তৃপক্ষই।

Related News