NORTHEAST NOW (Assamese)
দেশ

বোধোদয়! বিজেপিৰে মিত্ৰতা কৰি ২৫ বছৰ নষ্ট কৰিলে শিৱসেনাই!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 24, 2022 3:21 pm
Shiv Sena to BJP

অৱশেষত যেন ৰাজনৈতিক বোধোদয় ঘটিল মহাৰাষ্ট্ৰৰ শাসনাধিষ্ঠ ৰাজনৈতিক দল শিৱসেনাৰ! বিজেপিৰ সৈতে ৰাজনৈতিক মিত্ৰতা কৰি ২৫ বছৰ নষ্ট কৰিছিল শিৱসেনাই। এই মন্তব্য আন কাৰোবাৰ নহয়। এইয়া খোদ শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেৰ মন্তব্য।

শিৱসেনাৰ প্ৰতিষ্ঠাপক বালাচাহেব ঠাকৰেৰ জন্ম জয়ন্তী উপলক্ষে দলীয় সদস্যক সম্বোধন কৰি মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে আক্ৰমণাত্মক হৈ উঠে বিজেপিৰ বিৰুদ্ধে।

যোৱা বৰ্ষৰ শেষৰ ফালে এক গুৰুতৰ অস্ত্ৰোপচাৰৰ পিছত দীৰ্ঘদিন ধৰি ৰাজহুৱা উপস্থিতিৰ পৰা আঁতৰি থকাৰ সময়ত শিৱসেনা তথা উদ্ধৱ ঠাকৰেক নিৰন্তৰ আক্ৰমণ কৰি অহা বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে ঠাকৰেই।

শিৱসেনাই বিজেপিৰ সৈতে মিত্ৰতাত বান্ধ খাই ২৫ বছৰ নষ্ট কৰিছে বুলি পূৰ্বৰ এটা মন্তব্যৰ পুনৰাবৃত্তি কৰি ঠাকৰেয়ে কয়, “মই এতিয়াও পূৰ্বৰ মন্তব্য দোহাৰিছো। আমি বিজেপিৰ পৰা কিয় আঁতৰি গৈছিলো? তেওঁলোকে প্ৰদৰ্শন কৰা ফোঁপোলা হিন্দুত্ব ক্ষমতাৰ বাবে এক নাটকৰ বাহিৰে আন একো নহয়। এইটো দুৰ্ভাগ্যজনক যে আমি তেওঁলোকক ২৫ বছৰ ধৰি লালন-পালন কৰিছিলোঁ।”

তেওঁ লগতে কয় যে বিজেপিয়ে ‘ব্যৱহাৰ আৰু নিক্ষেপ’ নীতিত বিশ্বাস কৰে। বালাচাহেবে বিজেপিক কৈছিল যে বিজেপিয়ে দেশৰ যত্ন লওক আৰু শিৱসেনাই মহাৰাষ্ট্ৰৰ যত্ন ল’ব। কিন্তু তেওঁলোকেই আমাক বিশ্বাসঘাতকতা কৰিছিল আৰু আমাক বিলীন কৰিবলৈ চেষ্টা কৰি আছিল।

“আমি তেওঁলোকক ইমান বছৰ ধৰি সহায় কৰিলো আৰু তেওঁলোক জয়ী হোৱাৰ পিছত ব্যৱহাৰ আৰু নিক্ষেপ নীতি গ্ৰহণ কৰিছে।” ঠাকৰেয়ে কয়।

“আমি হিন্দুত্ব ত্যাগ নকৰো। আমি বিজেপিৰ সৈতে আমাৰ মিত্ৰতা ভংগ কৰিছো কিন্তু হিন্দুত্বৰ সৈতে নহয়” বুলি মন্তব্য কৰি ঠাকৰেই বিজেপি হিন্দুত্ববাদী নহয় বুলি অভিযোগ কৰে।

হিন্দুত্বক লৈ বিজেপিৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখি ঠাকৰেয়ে কয়, “ব্ৰিটিছসকলৰ দৰে দাসত্বৰ পৰিৱেশ সৃষ্টি কৰাটো হিন্দুত্ব নহয়। প্ৰকৃত হিন্দুসকলে কেতিয়াও এইয়া হ’বলৈ নিদিব।”