NORTHEAST NOW (Assamese)

‘মানুহে জোতা মাৰিব’; কংগ্ৰেছৰ ‘একলা চলো’ নীতিক সমালোচনা উদ্ধৱ থাকৰেৰ!

June 20, 2021 2:55 pm · এন ই নাও নিউজ

কেইদিনমান পূৰ্বে মহাৰাষ্ট্ৰ কংগ্ৰেছে সদৰী কৰিছিল যে অহা নিৰ্বাচনত তেওঁলোকে অকলেই অৱতীৰ্ণ হ’ব। এনে প্ৰসংগত শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেই কংগ্ৰেছক লক্ষ্য কৰি সৰৱ হৈ পৰিছে।

শনিবাৰে এই সন্দৰ্ভত থাকৰেই কয়,’’মানুহৰ সমস্যা সমাধান নকৰি যদি কোনোৱো অকলেই নিৰ্বাচনত যুঁজ দিয়াৰ কথা কয় তেনেহ’লে জনসাধাৰণে তেওঁলোকক জোতাৰে মাৰিব।‘’

শিৱসেনাৰ ৫৫তম প্ৰতিষ্ঠা দিৱসত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সকলো ৰাজনৈতিক দলেই উচ্চাকাংখা অঁতৰাই ৰাখি অৰ্থনীতি তথা স্বাস্থ্য দিশটোৰ কথা চিন্তা কৰা উচিত।

উদ্ধৱ থাকৰেই কংগ্ৰেছৰ নাম নোলোৱাকৈয়ে কয়,’’যদি আমি মানুহৰ সমস্যাৰ সমাধান নকৰি কেবল মাত্ৰ ৰাজনীতিত অকলেই থকাৰ কথা কওঁ, তেনেহ’লে মানুহে মামাক জোতাৰে পিটিব।‘’

উল্লেখ্য যে মুম্বাই কংগ্ৰেছৰ নেতা ভাই জগতাপে কৈছিল যে মুম্বাই পৌৰনিগমৰ নিৰ্বাচনত তেওঁলোকে শিৱসেনাৰ সৈতে জোঁট নাবান্ধি অকলেই যুঁজ দিবলৈ সাজু।

এই প্ৰসংগত উদ্ধৱ থাকৰেই কয়, ’’যদি কোনো দলে কয় তেওঁলোকে কাৰো সৈতে হাত নিমিলাই অকলেই যুঁজ দিব, তেনেহ’লে তেওঁলোকে মানুহৰ মনত নিজৰ দলক লৈ বিশ্বাস জগাই তোলা আৰু মানুহক ভৰসা দিয়াটো উচিত। নহ’লে মানুহে সেই দলক প্ৰশ্ন কৰিব তেওঁলোকৰ কৰ্মসংস্থানৰ ক্ষেত্ৰত কি পৰিকল্পনা আছে বা তেওঁলোকে সাধাৰণ মানুহক কিদৰে জীৱন ধাৰণৰ বাবে সহায় কৰিব?’’

থাকৰেই লগতে কয়,’’ শিৱসেনাই ক্ষমতাৰ বাবে লালায়িত নহয়। আমি কোনো অপ্ৰয়োজনীয় বোজা ল’ব নিবিচাৰো। আমি সাধাৰণ মানুহৰ স্বাৰ্থত পদক্ষেপ গ্ৰহণ কৰিম। আৰু আমি সেই লক্ষ্যত মিত্ৰজোঁটৰ অবিহনেও নিৰ্বাচনত যুঁজ দিব পাৰো। কিন্তু এতিয়া সময় আহি পৰিছে যে ৰাজনৈতিক দলসমূহে চিন্তা কৰিব লাগিব তেওঁলোকে ৰাজনৈতিক স্বাৰ্থত কাম কৰিব নে অৰ্থনৈতিক ক্ষেত্ৰত সমাধান বিচাৰি আগবাঢ়ি আহিব।‘’

Related News