NORTHEAST NOW (Assamese)
দেশ

বেংক ধৰ্মঘট স্থগিত ৰখাৰ সিদ্ধান্ত ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 21, 2025 8:27 pm
বেংক ধৰ্মঘট স্থগিত ৰখাৰ সিদ্ধান্ত ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নৰ

ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়ন (UFBU)ৰ তৰফৰ পৰা আগন্তুক ২৪ আৰু ২৫ মাৰ্চত দেশজুৰি বেংক ধৰ্মঘট ঘোষণা কৰিছিল।

কিন্তু শুকুৰবাৰে কেন্দ্ৰীয় অৰ্থ মন্ত্ৰণালয় আৰু ইণ্ডিয়ান বেংকিং এছ’চিয়েশনৰ সৈতে হোৱা এখন বৈঠকৰ পিছত সিদ্ধান্ত লোৱা হৈছে যে আপাতভাৱে বেংক ধৰ্মঘট স্থগিত ৰাখিছে। এই বৈঠকৰ পাছতে ধৰ্মঘট এমাহৰ পৰা দুমাহৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে।

ইউএফবিইউৰ মতে, এপ্ৰিল মাহৰ তৃতীয় সপ্তাহত হোৱা এখন বৈঠকৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰথমতে ২৪ আৰু ২৫ মাৰ্চত ধৰ্মঘটৰ পৰিকল্পনা কৰা হৈছিল, কাৰণ ইণ্ডিয়ান বেংক এছ’চিয়েশনৰ সৈতে আলোচনা বিফল হৈছিল। সংগঠনৰ প্ৰধান দাবীসমূহ মানি ল’বলৈ অস্বীকাৰ কৰাৰ বাবেই ধৰ্মঘটৰ দিন সলনি নকৰাৰ কথা জানোৱা হৈছিল।

উল্লেখযোগ্য যে, ইউএফবিইউ হৈছে ৯টা বেংক কৰ্মী সংগঠনৰ এক যৌথ মঞ্চ। শুকুৰবাৰে কেন্দ্ৰীয় অৰ্থ মন্ত্ৰণালয় আৰু ইণ্ডিয়ান বেংকিং এছ’চিয়েশনৰ সৈতে হোৱা আলোচনাৰ পাছত ধৰ্মঘট প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।