NORTHEAST NOW (Assamese)
অসম

২ মে’ৰ পৰা UGC NET পৰীক্ষা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 2, 2021 7:57 pm
২ মে’ৰ পৰা UGC NET পৰীক্ষা

দেশৰ বৰ্তমানৰ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২ মে’ৰ পৰা ১৭ মে’লৈ য়ু জি চি-নেট পৰীক্ষা অনুষ্ঠিত হ’ব।

বিশ্ববিদ্যালয় অনুদান আয়োগৰ হৈ নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে নেট পৰীক্ষা অনুষ্ঠিত কৰি আহিছে।

জুনিয়ৰ ৰিচাৰ্ছ ফেলোশ্বিপ আৰু এছিচটেণ্ট প্ৰফেছাৰৰ পদৰ যোগ্যতাৰ বাবে নেট পৰীক্ষা অনুষ্ঠিত কৰা হয়।

২ , ৩, ৪, ৫, ৬, ৭, ১০, ১১, ১২, ১৪ আৰু ১৭ মে’ত নেট পৰীক্ষা অনুষ্ঠিত হ’ব।

ৰাতিপুৱা ৯ বজাৰ পৰা ১২ বজা আৰু আবেলি ৩ বজাৰ পৰা ৬ বজালৈ পৰীক্ষা সমূহ অনুষ্ঠিত কৰা হ’ব।

এখন সাধাৰণ প্ৰশ্নকাকত আৰু এখন নিৰ্দিষ্ট বিষয়ৰ প্ৰশ্ন কাকতৰ ওপৰত পৰীক্ষা অনুষ্ঠিত হয়।

যিসকল শিক্ষাৰ্থীয়ে নেট পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচাৰে তেওঁলোকে এন টি এৰ ৱেবচাইটলৈ গৈ বিস্তৃত তথ্য লাভ কৰিবলৈ সমৰ্থ হ’ব।

পৰীক্ষাৰ সময়ত কোভিড প্ৰট’কল মানি পৰীক্ষা গৃহ সমূহত পৰীক্ষা অনুষ্ঠিত হ’ব।