NORTHEAST NOW (Assamese)
অসম

শিক্ষকৰ ব্যক্তিগত নথি উলিয়াই দিবলৈ অস্বীকাৰ; বিশ্ববিদ্যালয়সমূহক সতৰ্ক কৰি দিলে UGCয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 21, 2020 10:31 am
unnamed-1

কিছুমান শিক্ষা প্ৰতিষ্ঠানে চুক্তিৰ সময়ত শিক্ষকৰ অৰিজিনেল নথি লৈ লোৱাৰ পাছত ভৱিষ্যতে ভাল সুযোগ পালে যাবলৈ বিচৰাসকলক তেওঁলোকৰ নথিসমূহ ঘুৰাই দিবলৈ অস্বীকাৰ কৰে।

ইয়াৰ বাবে বিশ্ববিদ্যালয় তথা উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC)য়ে সতৰ্ক কৰি দিছে।

এনেধৰণৰ অনৈতিক কামৰ পৰা বিৰত থাকিবলৈ সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠানকে সতৰ্ক কৰি দিছে UGCয়ে।

বিশ্ববিদ্যালয় অনুদান আয়োগৰ সচিব ৰজনীশ জৈনে জাৰি কৰা এখন জাননীত কোৱা হৈছে যে বহু বিশ্ববিদ্যালয়, মহাবিদ্যালয় বা প্ৰতিষ্ঠানে শিক্ষকসকলৰ চাকৰিৰ চুক্তি কৰাৰ সময়ত অৰিজিনেল প্ৰমান পত্ৰ, মাৰ্কশ্বীট আদি জমা ৰাখে আৰু শিক্ষকসকলক ধৰি ৰখাৰ বাবে সময়মতে নথিসমূহ ঘুৰাই নিদিয়ে।

আয়োগৰ জাননীখনত কোৱা হৈছে যে শিক্ষকসমূহে চাকৰি এৰি দিয়াৰ পাছত সংশ্লিষ্ট শিক্ষা প্ৰতিষ্ঠানসমূহৰ পৰা তেওঁলোকৰ নথিসমূহ উদ্ধাৰ কৰাত কঠিন সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

এনেধৰণে সঠিক সময়ত নথিসমূহ ঘুৰাই নোপোৱাৰ বাবে বহুতেই ভাল সুযোগ হাতৰ পৰা হেৰুৱাবলগীয়া হয়। এয়া তেওঁলোকক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ দৰে ঘটনা।

আয়োগে বিশ্ববিদ্যালয় তথা কলেজসমূহক নিয়ম অনুসৰি নিয়োগৰ চুক্তিসমূহ স্পষ্টৰূপত সম্পন্ন কৰাৰ বাবে নিৰ্দেশ দিছে।

উল্লেখ্য যে একেদৰে যোৱা বছৰ অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যনেও (AICTE) ইয়াৰ অন্তৰ্গত প্ৰতিষ্ঠানসমূহক সতৰ্ক কৰি দিছিল।