NORTHEAST NOW (Assamese)
Popular Stories

নাথাকিব নাম-ঠিকনা-ব্যক্তিগত তথ্য, আধাৰ কাৰ্ডৰ আমূল পৰিৱৰ্তন!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 19, 2025 5:34 pm

অহা মাহৰ পৰা আধাৰ কাৰ্ডৰ আৰ্হিৰ আমূলভাৱে সলনি হবলৈ গৈ আছে। সকলো ঠিকে থাকিলে ডিচেম্বৰৰ শেষৰ ফালে ইউআইডিএআইয়ে নতুন আধাৰ কাৰ্ড লৈ আহিব। ইউআইডিএআইৰ মুখ্য কাৰ্যবাহী বিষয়া ভূপেশ কুমাৰে এই সিদ্ধান্ত ঘোষণা কৰিছে।

নতুন আধাৰ কাৰ্ডৰ ডিজাইন কেনেকুৱা হ?

ইউআইডিএআইৰ সূত্ৰ অনুসৰি আধাৰ কাৰ্ডৰ নতুন ডিজাইনত নাথাকিব নাগৰিকৰ নাম, ঠিকনা, ব্যক্তিগত তথ্য। মাত্ৰ এখন ছবি আৰু এটা QR কড থাকিব। সেই QR কডত নাগৰিকজনৰ সকলো তথ্য লুকুৱাই ৰখা হব। ইয়াক স্কেন কৰিবলৈ পুনৰ ব্যৱহাৰ কৰিব লাগিব নতুন আধাৰ এপ। বৰ্তমানৰ mAdhar app ৰ ঠাইত সেই নতুন Aadhaar app টো আহিব। সেই এপটোত থকা QR কড স্কেন কৰিলেহে নাগৰিকৰ তথ্য উপলব্ধ হব।

কিয় এই ব্যৱস্থা?

ইউআইডিএআইয়ে কয় যে এই সিদ্ধান্ত আধাৰ কাৰ্ডৰ জৰিয়তে অফলাইন ভেৰিফিকেচন বা তথ্য চুৰি ৰোধ কৰিবলৈ লোৱা হৈছে। বহু ক্ষেত্ৰত দেখা যায় যে হোটেল, অনুষ্ঠান আয়োজক বা সংগঠনে আধাৰ কাৰ্ডৰ তথ্য সংগ্ৰহ কৰে। সেই তথ্যৰ কোনো নিৰাপত্তা নাই। কিন্তু আধাৰ আইন অনুসৰি পৰিচয় পত্ৰ হিচাপে আধাৰ কাৰ্ডৰ তথ্য অফলাইনত সংগ্ৰহ কৰিব নোৱাৰিব। আধাৰ কাৰ্ড বা ইয়াৰ কপি সংৰক্ষণ কৰিব নোৱাৰিব। আধাৰৰ তথ্য চুৰি ৰোধৰ বাবে এই নতুন ব্যৱস্থা অনা হৈছে।

অৱশ্যে গোটেই কথাটো এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে। ইউআইডিএআইৰ মুখ্য কাৰ্যবাহী বিষয়া ভূপেশ কুমাৰে কয় যে ডিচেম্বৰৰ পৰা নতুন আধাৰ জাৰি কৰা হব। পৰীক্ষণৰ বাবে আধাৰ এপত পঞ্জীয়ন বাধ্যতামূলক। ফলত ইউআইডিএআইৰ হাতত নাগৰিকৰ তথ্য কোনে সংগ্ৰহ কৰিছে আৰু কেতিয়া সংগ্ৰহ কৰিছে সেই সম্পৰ্কে তথ্য থাকিব।