NORTHEAST NOW (Assamese)

ক’ভিদ ১৯ এণ্টিভাইৰেল টেবলেট অনুমোদন জনোৱা প্ৰথমখন দেশত পৰিণত ব্ৰিটেইন

November 4, 2021 7:59 pm · এন ই নাও নিউজ, গুৱাহাটী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাৰ্ক আৰু ৰিজবেক বায়োথেৰাপিউটিক্সৰ দ্বাৰা যুটীয়াভাৱে বিকশিত কৰা কোভিড-19 এণ্টিভাইৰেল টেবলেট অনুমোদন কৰা প্ৰথমখন দেশত পৰিগণিত হৈছে ব্ৰিটেইন।

ব্ৰিটেইনৰ ঔষধ আৰু স্বাস্থ্যসেৱা সামগ্ৰী নিয়ামক সংস্থাই (MHRA) ক’ভিদ আক্ৰান্ত ব্যক্তিক পাঁচ দিনৰ ভিতৰত যিমান সম্ভৱ সোনকালে এই টেবলেটটো ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে।

ক’ভিদ ১৯ৰ বাবে অনুমোদিত হোৱা এইটোৱেই প্ৰথম মৌখিক এণ্টিভাইৰেল চিকিৎসা।

বিশ্বব্যাপী ৫.২ নিযুতৰো অধিক লোকৰ মৃত্যু হোৱা মহামাৰীৰ মোকাবিলা কৰিবলৈ চিকিৎসা বিজ্ঞানে এতিয়ালৈকে মুখ্যতঃ ভেকছিনৰ ওপৰত গুৰুত্ব দিছে। গিলিয়েডৰ ইনফিউজড এণ্টিভাইৰেল ৰেমডেচিভিৰ আৰু জেনেৰিক ষ্টেৰইড ডেক্সামেথাচোনকে ধৰি অন্যান্য বিকল্পবোৰ সাধাৰণতে ৰোগী এজনক চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছতহে দিয়া হয়।

মাৰ্কৰ মোলনুপিৰাভিৰক পৰীক্ষা কৰাৰ পাছত যোৱা মাহৰ তথ্যই দেখুৱাইছে যে ৰোগৰ আৰম্ভণিতে ব্যৱহাৰ কৰিলে বা গুৰুতৰ কোভিড-১৯ হোৱাৰ আশংকা থকা লোকসকলৰ মৃত্যু বা চিকিৎসালয়ত ভৰ্তি হোৱাৰ সম্ভাৱনা হ্ৰাস হ’ব পাৰে।

ব্ৰিটেইনৰ স্বাস্থ্য সচিব চাজিদ জাভিদে এক বিবৃতিত কয়, “আমি সমগ্ৰ চৰকাৰ আৰু এনএইচএছৰ সৈতে যিমান সম্ভৱ সোনকালে ৰাষ্ট্ৰীয় অধ্যয়নৰ জৰিয়তে ৰোগীসকলক মোলনুপিৰাভিৰ নিয়োজিত কৰাৰ পৰিকল্পনা নিৰ্ধাৰণ কৰিবলৈ ক্ষীপ্ৰ গতিৰে কাম কৰি আছো।”

যোৱা মাহত, ব্ৰিটেইনে মাৰ্কৰ সৈতে মোলনুপিৰাভিৰৰ ৪৮০,০০০ পালি আমদানি কৰাৰ বাবে এক চুক্তিত সন্মত হৈছিল।

Related News