NORTHEAST NOW (Assamese)

কৰ ফাঁকিৰ অভিযোগক লৈ ব্ৰিটেইনৰ উপ-প্ৰধানমন্ত্ৰী এঞ্জেলা ৰেনাৰৰ পদত্যাগ

September 6, 2025 10:07 am · এন ই নাও নিউজ, গুৱাহাটী

ব্ৰিটেইনৰ উপ-প্ৰধানমন্ত্ৰী এঞ্জেলা ৰেনাৰে কৰ ফাঁকিৰ অভিযোগৰ দায়িত্ব গ্ৰহণ কৰি পদত্যাগ কৰিছে। শুকুৰবাৰে হঠাতে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মানি লৈ ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক পদত্যাগ পত্ৰ দাখিল কৰে।

পদত্যাগ পত্ৰত তেওঁ লিখিছে, “নতুন ঘৰ কিনাৰ পিছত মই কৰ সংক্ৰান্ত বিষয়ত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা নাছিলো। এইটো এটা ভুল আছিল আৰু ইয়াৰ সম্পূৰ্ণ দায়িত্ব মই লৈছো। মই দুঃখিত।”

বিশ্লেষকসকলৰ মতে এঞ্জেলাৰ এই সিদ্ধান্ত ব্ৰিটিছ চৰকাৰ আৰু লেবাৰ পাৰ্টিৰ বাবে এক ডাঙৰ আঘাত। ৰেনাৰৰ পদত্যাগৰ বাবে কেয়াৰ ষ্টাৰমাৰে গভীৰ দুখ প্ৰকাশ কৰে। তেওঁ কয় যে ৰেনাৰৰ বিদায়ত মই অতি দুখী, কিন্তু তেওঁৰ সিদ্ধান্তক মই সন্মান কৰো।

ব্ৰিটেইনত নতুন ঘৰ কিনা আৰু কৰ সম্পৰ্কীয় কিছু তথ্য লুকুৱাই ৰখাৰ অভিযোগত কিছুদিন ধৰি বিতৰ্কৰ মাজত আছিল এঞ্জেলা ৰেইনাৰে। বিষয়টোৰ ওপৰত যেতিয়া তদন্ত আৰম্ভ হৈছিল, তেতিয়া তেওঁৰ ৰাজনৈতিক স্থিতিও চাপত পৰে। শেষত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁ নিজৰ পদৰ পৰা আঁতৰি আহিল।

Related News