NORTHEAST NOW (Assamese)

বিজয় মালিয়া-নীৰৱ মোডীৰ প্ৰত্যাৰ্পণৰ দিশত আন এক পদক্ষেপ? তিহাৰ পৰিদৰ্শনত ব্ৰিটেইনৰ দল

September 7, 2025 10:15 am · এন ই নাও নিউজ, গুৱাহাটী

ভাৰত চৰকাৰে বিজয় মালিয়া আৰু নীৰৱ মোডীকে ধৰি হাই-প্ৰফাইল পলাতকসকলক প্ৰত্যাৰ্পণৰ চেষ্টা চলাইছে। সেই প্ৰক্ৰিয়াৰ অংশ হিচাপে ব্ৰিটেইনৰ ক্ৰাউন প্ৰচিকিউচন চাৰ্ভিচৰ এটা বিশেষ দলে কয়দীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দিল্লীৰ তিহাৰ জেল পৰিদৰ্শন কৰে।

সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি চিপিএছৰ প্ৰতিনিধি দলটোৱে তিহাৰৰ ৪ নং চেলৰ ব্যৱস্থাপনা পৰিদৰ্শন কৰে। এই চেলটোতে প্ৰথমবাৰৰ বাবে অপৰাধী আৰু হাই-প্ৰফাইল বন্দীক ৰখা হয়। ব্ৰিটেইনৰ প্ৰতিনিধি দলটোৱে কয়দীসকলৰ সৈতেও কথা পাতিছে আৰু সমগ্ৰ কাৰাগাৰৰ নিৰাপত্তাৰ ব্যৱস্থা পৰিদৰ্শন কৰি আছে।

উল্লেখ্য যে ব্ৰিটিছ আদালতে ইয়াৰ পূৰ্বে প্ৰত্যাৰ্পণৰ অনুৰোধ পুনৰীক্ষণ কৰাৰ সময়ত ভাৰতীয় কাৰাগাৰৰ অৱস্থা আৰু নিৰাপত্তাক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। অভিযুক্তৰ অধিবক্তাসকলেও এই বিষয়ত গুৰুত্ব আৰোপ কৰে। এই প্ৰশ্নৰ উত্তৰত ভাৰত চৰকাৰে ব্ৰিটেইনক আশ্বাস দিয়ে যে প্ৰত্যাৰ্পণ কৰা সকলো ব্যক্তিক আইন অনুসৰি সুৰক্ষিত ৰখা হ’ব। লগতে কোনো অভিযুক্তক জিম্মাত অবৈধভাৱে জেৰা কৰা নহ’ব বুলিও আশ্বাস দিছে।

কাৰাগাৰ কৰ্তৃপক্ষই লগতে কয় যে উচ্চ পৰ্যায়ৰ কয়দীসকলক সাধাৰণ কয়দীৰ পৰা পৃথক কৰি ৰাখিব পৰা যায় যাতে তেওঁলোকৰ সুৰক্ষা সুনিশ্চিত হয়। মন কৰিবলগীয়া যে ২০২৪ চনলৈকে ভাৰতে ১৭৮ জন বিচাৰাধীন কাৰাবন্দীক প্ৰত্যাৰ্পণ কৰিবলৈ অনুৰোধ জনাইছে। ইয়াৰে প্ৰায় ২০টা গোচৰ ব্ৰিটেইনত থকা  পলাতক লোকৰ সৈতে জড়িত।

ইয়াৰ ভিতৰত আছে আৰ্থিক জালিয়াতি, অস্ত্ৰৰ চুক্তি আৰু খালিস্তানী নেটৱৰ্কৰ সৈতে জড়িত লোক। তালিকাৰ শীৰ্ষত আছে বিজয় মালিয়া আৰু নীৰৱ মোডী। বৰ্তমান লণ্ডনত আছে বিজয় মালিয়া। তেওঁৰ বিৰুদ্ধে ৯ হাজাৰ কোটিতকৈও অধিক বেংকৰ ঋণ পৰিশোধ নকৰাৰ অভিযোগ। আন এজন হাই-প্ৰফাইল অভিযুক্ত হৈছে পঞ্জাৱ নেশ্যনেল বেংকৰ জালিয়াতিৰ মূল অভিযুক্ত নীৰৱ মোডী। তেওঁৰ বিৰুদ্ধে আছে ১৩,৮০০ কোটি টকাৰ ঋণ পৰিশোধ নকৰাৰ অভিযোগ।

Related News