NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

যুদ্ধবিধস্ত ইউক্ৰেইনত মৃত্যৰ কিৰীলি: ৰাছিয়াৰ আক্ৰমণত কেৱল মাৰিঅ’পোলত মৃত্যু হৈছে ২,৫০০ সাধাৰণ নাগৰিকৰ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 14, 2022 3:40 pm
Russia-Ukraine war

যোৱা ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পিছৰে পৰা দেশখনৰ বন্দৰ চহৰ মাৰিঅ’পোলত ২,৫০০ তকৈও অধিক সাধাৰণ নাগৰিক নিহত হৈছে।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টা অলেক্সি আৰেষ্টোভিচে আজি এক টেলিভিছন সাক্ষাৎকাৰত এই দাবী কৰিছে।

তেওঁ কয় যে মাৰিঅ’পোল মহানগৰ প্ৰশাসনৰ পৰিসংখ্যাত এই তথ্য প্ৰকাশ পাইছে। তেওঁ লগতে চহৰখনত আৱদ্ধ জনসাধাৰণক মানৱীয় সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত ৰাছিয়ান সেনাই বাধা দিয়াৰ অভিযোগ উত্থাপন কৰিছে।

আনহাতে ইউক্ৰেইনৰ এই অভিযোগ অস্বীকাৰ কৰিছে ৰাছিয়াই। ৰাছিয়াই যুদ্ধত অসামৰিক লোকসকলক কেতিয়াও আক্ৰমণৰ লক্ষ্য নকৰে বুলি এক বিবৃতি দিছে।

দেওবাৰে মাৰিঅ’পোল নগৰ পৰিষদে অভিযোগ কৰিছিল যে ৰাছিয়ান সেনা বাহিনীয়ে অৱৰোধ কৰি ৰখা বন্দৰ চহৰখনত আৱদ্ধ জনসাধাৰণে খাদ্য আৰু পানীৰ সংকটত ভুগিছে।

চহৰখনলৈ মানৱীয় সাহায্য প্ৰেৰণ কৰা নিৰাপদ ‘মানৱীয় কৰিডৰ’ত ৰাছিয়ান সেনাই আক্ৰমণ চলাইছে বুলিও অভিযোগ উত্থাপন হৈছে।