NORTHEAST NOW (Assamese)

Olena Zelenska: মাৰ্কিন কংগ্ৰেছক সম্বোধন কৰিব ইউক্ৰেইনৰ ফাৰ্ষ্ট লেডীয়ে

July 19, 2022 12:55 pm · এন ই নাও নিউজ, গুৱাহাটী
ইউক্ৰেইনৰ ফাৰ্ষ্ট লেডী ওলেনা জেলেনস্কা।

Ukraine’s first lady to address US Congress ইউক্ৰেইনৰ ফাৰ্ষ্ট লেডী ওলেনা জেলেনস্কাই মাৰ্কিন কংগ্ৰেছক সম্বোধন কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদৰ নিম্ন সদনৰ অধ্যক্ষ নেন্সি পেলোচিৰ কাৰ্যালয়ে সোমবাৰে এই কথা সদৰী কৰিছে।

ইউক্ৰেইনৰ ফাৰ্ষ্ট লেডী ওলেনা জেলেনস্কাই বুধবাৰে স্থানীয় সময় অনুসৰি নিশা ১১ বজাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদত ভাষণ দিয়াৰ কথা আছে।

ইউক্ৰেইনৰ ফাৰ্ষ্ট লেডী ওলেনা জেলেনস্কা।

অধ্যক্ষ নেন্সি পেলোচিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সকলো সাংসদ তথা চিনেটৰক এই অধিৱেশনত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনাইছে।

ইউক্ৰেইনৰ ফাৰ্ষ্ট লেডী ওলেনা জেলেনস্কাই মাৰ্কিন কংগ্ৰেছক এনে এক সময়ত সম্বোধন কৰাৰ কথা যিসময়ত ৰাছিয়াৰ বাহিনীয়ে দেশখনৰ পূব ডনবাছ অঞ্চলত ভয়ংকৰ আক্ৰমণ চলাই আছে।

লগতে পঢ়ক: Marburg Virus: এইবাৰ মাৰবাৰ্গ ভাইৰাছৰ আতংক! প্ৰতি ১০ জনৰ ভিতৰত ৮জনৰ মৃত্যুৰ আশংকা

ৰাছিয়াই ২৪ ফেব্ৰুৱাৰীৰ পৰা ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰিছে। বিগত প্ৰায় ৫ মাহ ধৰি ইউক্ৰেইনত যুদ্ধৰ বিভীষিকাই সাধাৰণ নাগৰিকৰ জীৱন অস্থিৰ-অশান্ত কৰি ৰাখিছে।

Related News