NORTHEAST NOW (Assamese)

এইবাৰ সাপেখাতীত আলফা (স্বা)ৰ দ্বাৰা চাহ বাগিচাৰ পৰিচালকক অপহৰণ

November 21, 2018 6:40 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: November 21, 2018 6:50 pm
টিমনহাবি চাহ বাগিচাৰ পৰিচালক নোমল চন্দ্ৰ বৰুৱা

আলফা (স্বা)ত নতুনকৈ বহু যুৱক-যুৱতীৰ যোগদানৰ বাতৰিয়ে অসম তোলপাৰ লগাই থকাৰ লগতে অলপতে তিনিচুকীয়াৰ জাগুনত এজন লোকক সন্দেহযুক্ত আলফা (স্বা)ৰ লোকে অপহৰণ কৰাৰ বাতিৰৰ চাঞ্চল্য মাৰ নৌযাঁওতে এইবাৰ সংগঠনটোৰ নামত চৰাইদেউ জিলাৰ সাপেখাতীত আন এক অপহৰণৰ ঘটনা সংঘটিত হৈছে।

প্ৰাপ্ত তথ্য মতে সাপেখাতীৰ বিষ্ণুপুৰ বাগিচাৰ অধীনৰ বৰুৱানগৰৰ টিমনহাবি চাহ বাগিচাৰ পৰিচালক নোমল চন্দ্ৰ বৰুৱাক মঙলবাৰে নিশা বাগিচাৰ নিজা বাংলোৰ পৰা সেনাৰ পোছাকত অহা চাৰিজনীয়া এটা অস্ত্ৰধাৰী দলে অপহৰণ কৰি নিয়ে।

বৰুৱাৰ পত্নী ননিমা বৰুৱাই জনোৱা মতে তেওঁলোকৰ বাংলোত যোৱা নিশা প্ৰায় ৭-৪৫ বজাত কলিং বেল বজোৱাত পৰিচালক গৰাকীয়ে দুৱাৰ খুলি দিয়াত এটা অস্ত্ৰধাৰী দলটোৱে বাংলোৰ ভিতৰত প্ৰৱেশ কৰে।

নিজকে আলফাৰ স্বাধীনৰ সদস্য বুলি পৰিচয় দিয়া দলটোৱে নোমল বৰুৱাক তেওঁলোকৰ লগত নিবলৈ লোৱাত ননিমা বৰুৱাই ‘কিয় মোৰ স্বামীক নিব আহিছে’ বুলি প্ৰশ্ন কৰাত দলটোৱে বাগিচাৰ মালিকৰ সংক্ৰান্তত নিবলৈ আহিছে বুলি কয়।

তেওঁ আৰু কয় যে অসমীয়া ভাষাতে কথা কোৱা দলটোক তেওঁ বাৰম্বাৰ গিৰিয়েকক নিনিবৰ বাবে কাতৰ অনুৰোধ জনোৱাত দলটোৱে সুস্থ শৰীৰে ঘূৰাই দিয়াৰ আশ্বাস দি ঘটনা সম্পৰ্কত কাকো অৱগত নকৰিবলৈ কৈ তেওঁলোকৰ ঘৰৰ সকলো মোৱাইল ফোন লগত লৈ য়ায়।

আজি পুৱা বৰুৱাৰ পত্নীয়ে বৰহাট আৰক্ষীক জনোৱাৰ পিছতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। ঘটনাস্থলীত জিলা আৰক্ষী অধীক্ষক আৰু সেনাৰ এটা দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে কোনো নিশ্চিত তথ্য লাভ কৰা নাই।

Related News