NORTHEAST NOW (Assamese)

আলফা(স্বা)ত মোক্ষম আঘাত : আলফা(স্বা)ৰ দুধৰ্ষ নেতা দৃষ্টি ৰাজখোৱাৰ মেঘালয়ত আত্মসমৰ্পণ

November 11, 2020 6:45 pm · এন ই নাও নিউজ
Updated: November 11, 2020 7:24 pm

সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ত মোক্ষম আঘাত।

আলফা(স্বা)ৰ দুধৰ্ষ নেতা তথা উপ মুখ্য সেনাধক্ষ্য দৃষ্টি ৰাজখোৱাই আত্মসমৰ্পণ কৰিছে।

বিশেষ সূত্ৰৰ খবৰ মতে আলফাৰ দুধৰ্ষ নেতা গৰাকীয়ে বুধবাৰে মেঘালয়ত আত্মসমৰ্পণ কৰিছে।

যোৱা কিছুদিনৰ পৰা বাংলাদেশ আৰু মেঘালয়ত বাহৰ পাতি আছিল ৰাজখোৱাই।

বাংলাদেশ চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰিলৈও যথেষ্ঠ তৎপৰতা অৱলম্বন কৰিছিল বুলি প্ৰকাশ পাইছিল সংবাদ মাধ্যমত।

বিশেষ  সূত্ৰ খবৰ মতে মেঘালয় আৰক্ষীৰ বিশেষ অভিযানকাৰী দলৰ সৈতে দক্ষিণ গাৰো পাহাৰৰ ব’লবুক্ৰে গাঁৱত হোৱা আধাঘণ্টা জোৰা সংঘৰ্ষৰ পিছত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় আলফা(স্বা) উপ মুখ্য সেনাধক্ষ্য গৰাকীয়ে।

ইতিমধ্যে মেঘালয় আৰক্ষীয়ে এই সন্দৰ্ভত অসম আৰক্ষীৰে সৈতে যোগাযোগ কৰিছে আৰু অসম আৰক্ষীৰ এটা দল মেঘালয়লৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে।

যোৱা তিনি মাহে আলফা(স্বা)ৰ উপমুখ্য সেনাধক্ষ্য গৰাকীয়ে ভাৰত-বাংলা সীমান্ত কেবাবাৰো অতিক্ৰম কৰি দুয়োপাৰে নিজে সংকটত পৰা বুলি ধাৰণা কৰা হৈছে।

ইপিনে ভাৰতীয় চোৰাংচোৱাই যোৱা মাহত দুধৰ্ষ আলফা নেতা দৃষ্টি ৰাজখোৱাক ঢাকাস্থিত পাকিস্তান উচ্চায়ুক্ত কাৰ্যালয়ৰ জাফলঙৰ আশে পাশে দেখা পোৱা বুলি দাবী কৰিছে।

আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ তথা উপ সভাপতি পৰেশ অসমৰ অতি ঘনিষ্ঠ বুলি পৰিচিত দৃষ্টি ৰাজখোৱাই আলফাৰ কেবাটাও অভিযানৰ সফল নেতৃত্ব দিছিল।

Related News