NORTHEAST NOW (Assamese)
অসম

বিজু গগৈ ওৰফে ভাগ্য অসমক মৃত্যুদণ্ড বিহা সন্দৰ্ভত স্পষ্টীকৰণ আলফা স্বাধীনৰ; কি ক’লে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 12, 2022 4:00 pm

বিজু গগৈ ওৰফে ভাগ্য অসমক মৃত্যুদণ্ড বিহা সন্দৰ্ভত  আলফা(স্বাঃ)ই স্পষ্টীকৰণ আগবঢ়াইছে।

আলফাৰ মতে বিজু গগৈ ওৰফে ভাগ্য অসমে আত্মহত্যাহে কৰিছিল।

নিজৰ মূৰত বন্দুকৰে গুলীয়াই আত্মহত্যা কৰিছিল বিজু গগৈয়ে।

বিজুৰ পৰিয়ালবৰ্গলৈ শোক তথা সমবেদনা জ্ঞাপন কৰিছে আলফা(স্ৱাঃ)য়ে।

লগতে পঢ়ক: ভাৰতত ক’ভিড-১৯ত মৃত্যুৰ সংখ্যাকলৈ কিয় ইমান বিতৰ্ক? প্ৰকৃততে মিছা মাতিছে কোনে?

বিজুয়ে আত্মহত্যাৰ পূৰ্বে আত্মহত্যাৰ টোকা লিখি থৈ গৈছিল।

এক প্ৰেছ বিজ্ঞপ্তি যোগে আলফা(স্ৱাঃ)ই এই স্পষ্টীকৰণ দাঙি ধৰিছে।

সন্তোষ লামাৰ স্ৱীকাৰোক্তিক মিছা তথা উদ্দেশ্যপ্ৰণোদিত আখ্যা দিছে সংগঠনটোৱে। তেওঁলোকে দাবী কৰা মতে সন্তোষ লামা আলফা(স্ৱাঃ)ৰ সদস্য নাছিল।

উল্লেখ্য যে আৰক্ষীৰ জালত পৰা সন্তোষে নিজকে আলফা(স্ৱাঃ)ৰ সদস্য বুলি দাবী কৰিছিল। সন্তোষেই বিজু গগৈক আলফা(স্ৱাঃ)ই মৃত্যুদণ্ড বিহাৰ অভিযোগ তুলিছিল।

লগতে পঢ়ক: দেশৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত ৰাজীৱ কুমাৰ: দেওবাৰে ল’ব দায়িত্ব

ইপিনে, এই সকলো অভিযোগকে আলফা(স্ৱাঃ)য়ে বিজ্ঞপ্তিটোত খণ্ডন কৰিছে।