• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতত ক’ভিড-১৯ত মৃত্যুৰ সংখ্যাকলৈ কিয় ইমান বিতৰ্ক? প্ৰকৃততে মিছা মাতিছে কোনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 12, 2022 3:28 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ভিড-১৯ৰ মৃত্যুকাতৰ পৰিস্থিতি বৰ্তমান প্ৰায় আঁতৰিছে। দুটাকৈ বছৰ বিশ্ববাসীক আতংকিত কৰি যোৱা মহামাৰীবিধ সম্প্ৰতি চৰ্চাত নাই। কিন্তু মহামাৰীত আক্ৰান্ত হৈ কিমানসংখ্যক লোকে মৃত্যুমুখত পৰিছিল, তাৰ হিচাপক লৈ এতিয়া তীব্ৰ বিতৰ্ক সৃষ্টি হোৱা দেখা গৈছে। এই বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ভাৰত।

প্ৰকৃততে কিমানসংখ্যক ভাৰতীয়ই ক’ভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল? কিয় সৃষ্টি হৈছে এই বিতৰ্কৰ?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰম দাম্ভিকতাৰে ঘোষণা কৰি আহিছে যে ক’ভিডক তেওঁৰ চৰকাৰে পৰাস্ত কৰিছে। দেশবাসীয়ে এতিয়া ক’ভিডৰ পৰা ভয় খাব লগা নাই! কিন্তু যোৱা বৃহস্পতিবাৰে বিশ্ব স্বাস্থ্য সংস্থাই এখন আশ্বৰ্যকৰ প্ৰতিবেদন প্ৰকাশ কৰিছিল। তাত কোৱা হৈছে যে ২০২০ আৰু ২০২১ বৰ্ষত ভাৰতত ৪.৭ মিলিয়ন লোকে ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে। ভাৰতীয় হিচাপত ৪৭ লাখ ৪ হেজাৰ।

Apply Now

লগতে পঢ়ক: দেশৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত ৰাজীৱ কুমাৰ: দেওবাৰে ল’ব দায়িত্ব

এই অনুসৰি সমগ্ৰ বিশ্বজুৰি ক’ভিড মৃত্যুৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে ভাৰত। ‘হু’’ৰ এই প্ৰতিবেদনখনক দা লেনচেটৰ (The Lancet) দৰে বিশ্বৰ আগশাৰীৰ স্বাস্থ্যসম্বন্ধীয় পত্ৰিকাইও সমৰ্থন আগবঢ়াইছে। 

লক্ষ্যণীয়ভাৱে ‘হু’ৰ এই হিচাবটো ভাৰত চৰকাৰে প্ৰকাশ কৰা তথ্যতকৈ দহগুণ বেছি। ভাৰত চৰকাৰে বৰ্তমানলৈকে ২০২১ চনত কিমানসংখ্যকে ক’ভিডত প্ৰাণ হেৰুৱালে তাৰ হিচাপ দাঙি ধৰা নাই। অহা বৰ্ষতহে ভাৰত চৰকাৰে এই হিচাপ দাঙি ধৰিব। কিন্তু ২০২০ চনত মৃত্যু হোৱা লোকৰ সংখ্যা ৪ লাখ ৮১ হাজাৰ বুলি কিছুদিন পূৰ্বে জনাইছিল। এই হিচাপটো  Registrar General of India (RGI)ৰ civil registration system মতে প্ৰকাশ কৰা হৈছে ।

ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনখন নাকচ কৰিছে ভাৰত চৰকাৰে। প্ৰতিবেদনখনৰ হিচাব গণনাৰ কৌশল-পদ্ধতিকলৈও প্ৰশ্ন উত্থাপন কৰিছে ভাৰত চৰকাৰে।

লগতে পঢ়ক: মহাপ্ৰলয়ৰ আগজাননী! হঠাতে তেজৰ দৰে ৰঙা হৈ পৰিল আকাশ, ক’ত? চাওঁক ভিডিঅ’;

প্ৰতিবেদনখনত কোৱা হৈছে বিশ্বজুৰি যোৱা দুবছৰত ১৫ মিলিয়ন লোকে ক’ভিডজনিত কাৰণত মৃত্যু হৈছে। এই মৃত্যু হোৱা লোকসকলৰ সৰহসংখ্যকেই দক্ষিণ পূব এছিয়া, ইউৰোপ আৰু আমেৰিকাৰ দেশসমূহৰ বাসিন্দা। বিশ্বজুৰি দেখা দিয়া এই সংকটৰ লক্ষ্য ৰাখি “হু’ৰ অধ্যক্ষ টেড্ৰ’ছ আধানম ঘেব্ৰিয়েছুছে এটা বিশেষ আহ্বানো জনাইছে। তেওঁ বিশ্বৰ দেশসমূহক স্বাস্থ্যখণ্ডৰ ওপৰত অত্যধিক গুৰুত্ব দিবলৈ কৈছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ‘হু’ৰ বিভিন্ন তথ্যক লৈ আপত্তি কৰি আহিছে ভাৰত চৰকাৰে। ভাৰত চৰকাৰৰ মতে, বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য সংগ্ৰহৰ ক্ষেত্ৰত অনেক আঁসোৱাহ আছে। তদুপৰি ভাৰতৰ ১৭ খন ৰাজ্যৰ পৰাহে বিশ্ব স্বাস্থ্য সংস্থাই এই তথ্য আহৰণ কৰিছে। সেয়ে ক’ভিডত মৃত্যুৰ সংখ্যা মানি ল’ব পৰা নাযায়।

কিন্তু ক’ভিডত কিমানসংখ্যক ভাৰতীয় লোকে মৃত্যু বৰণ কৰিছিল, তাকলৈ ভাৰত চৰকাৰে সংগ্ৰহ কৰা তথ্যসমূহ কিমান শুদ্ধ? পূৰ্বতেও তথ্য সংগ্ৰহৰ ক্ষেত্ৰত ভাৰত চৰকাৰে গ্ৰহণ কৰা নীতি-কৌশলকলৈ বিশেষজ্ঞ মহলে আপত্তি প্ৰদৰ্শন কৰি আহিছিল। আনকি ই আদালতৰ মজিয়াও চুব লগা পৰিস্থিতি হৈছিল। বিৰোধী দলসমূহেও মাজে মাজে ইয়াকলৈ উত্তাল হৈ আহিছে। এতিয়া এই বিতৰ্কলৈ লক্ষ্য ৰাখি বিশেষজ্ঞসকলে দাবী জনাইছে যে ২০২১ বৰ্ষত ভাৰতত কিমান লোকে মৃত্যুবৰণ কৰিছিল তাৰ হিচাপ দাখিল কৰা হওক।

লগতে পঢ়ক: শুৱালকুছিত অঘটন: প্ৰাৰ্থনা চলি থকাৰ মাজতে অচেতন হৈ ঢলি পৰিল ১০ গৰাকী ছাত্ৰী

দেশবাসীৰ মৃত্যুৰ তথ্যক লৈ এইদৰে বিতৰ্ক হোৱাটো প্ৰকৃততে এটা দুৰ্ভাগ্যজনক কথা। সকলোৱে দেখিছিল যে অক্সিজেনৰ অভাৱ, চিকিৎলায়ত বিচনাৰ অভাৱ, লকডাউনে অনা অৰ্থনৈতিক দুৰ্দশাৰ ফলত কিমানে মৃত্যুবৰণ কৰিবলগা হৈছিল।

আনকি ভাৰতৰ আধ্যাত্মিক প্ৰাণকেন্দ্ৰস্বৰূপ গংগা নদীত মৃতদেহ উটি আহিছিল। লাখ লাখ প্ৰব্ৰজিত শ্ৰমিকৰ বহুতেই মৃত্যুক সাৱটি লৈছিল। ক’ভিডত আক্ৰান্ত হোৱাৰ উপৰিও লকডাউনে আনি দিয়া দুৰ্দশাৰ ফলতো বহু লোকে খাবলৈ নাপাই মৰিছিল। চৰকাৰে এইসকলৰ তথ্য কিবা ৰাখিছে নে? এতিয়া ক’ভিডৰ মৃত্যুৰ তথ্য আমি বিশ্ব স্বাস্থ্য সংস্থাৰ মতে মানিম নে ভাৰত চৰকাৰৰ মতে মানিম?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd