NORTHEAST NOW (Assamese)
অসম

আলফা স্বাধীনৰ কেন্দ্ৰীয় পৰিষদত সালসলনি; উচ্চতম পৰিষদৰ সভাপতিৰ দায়িত্বত পৰেশ অসম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 5, 2021 1:40 pm
ulfa_training_camp_20110207_402_602_570_850

আলফা স্বাধীনৰ কেন্দ্ৰীয় পৰিষদত সালসলনি ঘটাই দীৰ্ঘদিন ধৰি অসম্পূৰ্ণ হৈ থকা সংগঠনটোৰ তিনিখন কেন্দ্ৰীয় পৰিষদ নতুনকৈ গঠন কৰা হৈছে।

বিদ্ৰোহী সংগঠনটোৰ তিনিখন পৰিষদ উচ্চতম পৰিষদ, উচ্চ পৰিষদ আৰু নিম্ন পৰিষদৰ দায়িত্বৰ সালসলনিৰ লগতে নতুন দায়িত্বও অৰ্পন কৰা হৈছে।

নতুনকৈ গঠন কৰা এই তিনিখন পৰিষদৰ উচ্চতম পৰিষদৰ সভাপতিৰ দায়িত্ব অৰ্পন কৰা হৈছে জেনেৰেল পৰেশ অসমক। উচ্চতম পৰিষদৰ আন দুগৰাকী সদস্য হৈছে লে: জেনেৰেল মাইকেল অসম আৰু মেজৰ জেনেৰেল নয়ন অসম।

সেইদৰে, উচ্চ পৰিষদৰ সভাপতিৰ দায়িত্ব অৰ্পন কৰা হৈছে মেজৰ জেনেৰেল নয়ন অসমক। উচ্চ পৰিষদৰ সদস্য হিচাপে আছে ব্ৰিগেদিয়াৰ এ জেদ শিৰোনাম অসম, ব্ৰিগেডিয়াৰ অৰুণোদয় অসম আৰু ব্ৰিগেডিয়াৰ (অৱসৰপ্ৰাপ্ত) সমীৰণ অসম।

আনহাতে, নিম্ন পৰিষদত মেজৰ জেনেৰেল নয়ন অসমক সভাপতি  আৰু সাধাৰণ ব্ৰিগেডিয়াৰ অৰুণোদয় অসমক সম্পাদক হিচাপে দায়িত্ব অৰ্পন কৰা হৈছে। নিম্ন পৰিষদত মুঠ ১৪ গৰাকী সদস্য অন্তৰ্ভুক্ত কৰা হৈছে।