১৫ আগষ্টৰ পূৰ্বে বোমা বিস্ফোৰণৰ দাবীক অস্বীকাৰ আলফা(স্বা)ৰ

স্বাধীনতা দিৱসৰ পূৰ্বে অসমৰ কমেও ৭টা স্থানত বোমা বিস্ফোৰণ সংঘটিত কৰাৰ পৰিকল্পনাৰ দাবীক অস্বীকাৰ কৰিছে আলফা(স্বা)ই।
উল্লেখ্য যে, তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসে আলফা(স্বা)ই ১৫ আগষ্টৰ পূৰ্বে অসমৰ ৭টা স্থানত বোমা বিস্ফোৰণৰ পৰিকল্পনাৰ কৰাৰ খবৰ লাভ কৰা বুলি সদৰী কৰাৰ পিছতেই এই দাবী আলফা(স্বা)ৰ।
বিভাস দাসৰ এই দাবী খণ্ডন কৰি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃত্তিযোগে আলফাই কয় – “যোৱা ইংৰাজী ১ আগষ্ট ২০২৩ তাৰিখে তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসে উল্লেখ কৰিছে যে, আগন্তুক ১৫ আগষ্টত আমাৰ সংগঠনে ৭টাকৈ স্থানত বোমা বিস্ফোৰণ ঘটোৱাৰ পৰিকল্পনা কৰা বুলি৷ বিভাস দাসৰ উক্ত মন্তব্যক আমি সম্পূৰ্ণৰূপে নস্যাৎ কৰিছোঁ৷ কিয়নো অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ জেৰাই গাঁৱৰ যিগৰাকী শশাংক ৰাজখোৱা নামৰ ব্যক্তিৰ তথ্য সদৰি কৰিছে সেইগৰাকী শশাংক ৰাজখোৱা প্ৰকৃততে চাবুৱা আৰক্ষী থানাৰ পৰিদৰ্শকৰ এগৰাকী চোৰাংচোৱাহে, যিয়ে আমাৰ সংগঠন সংক্ৰান্তীয় প্ৰতিটো বিষয়ত চাবুৱা থানাৰ পৰিদৰ্শকক সহযোগ কৰি অহাৰ উপৰিও আৰক্ষীৰ একাধিক অভিযানত অংশগ্ৰহণ কৰাৰ কথা আমি অৱগত হৈছোঁ৷ গতিকে শশাংক ৰাজখোৱাৰ তথ্যৰ ওপৰত ভৰ দি বিভাস দাসে দিয়া ভাষ্য সম্পূৰ্ণ উদ্দেশ্যপ্ৰণোদিত৷ একেই উদ্দেশ্যেৰে অৰ্থাৎ বিভাগৰ পৰা প্ৰশংসা, বঁটা আৰু পদোন্নতিৰ বাবে দাইচাজান সেনা শিবিৰৰ চিপাহী সীমান্ত চেতিয়া, সঞ্জীৱ বৰুৱা, কৃষ্ণ মৰাণেও যোৱা ২৬ এপ্ৰিলত মাকুম বাইপাছত বোমা সংস্থাপন কৰি আলফা [স্বাধীন]ক বদনাম কৰিবলৈ নিকৃষ্ট ষড়যন্ত্ৰ কৰিছিল৷ উক্ত গোপন ষড়যন্ত্ৰ ফাদিল হোৱাত বিভাস দাসে আটাইকেইগৰাকী সেনা-জোৱানৰ লগতে যুগান্ত মৰাণ নামৰ ছালফা এজনক ধৰি আনি জেৰা চালাই৷ উক্ত জেৰাত তেওঁলোকে সত্য স্বীকাৰ কৰাৰ পিছত তিনিওজন সেনা-জোৱানক স-সন্মানে এৰি দিছিল৷
গতিকে ওপৰত উল্লিখিত বিষয়ত বিভাস দাসৰ নিকৃষ্ট ষড়যন্ত্ৰ যে নাথাকিব সেয়া নুই কৰিব নোৱাৰি৷ সেয়েহে, “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে বিভাস দাসৰ কথাত পতিয়ন নাযাবলৈ থলগিৰি মুক্তিকামী জনগণক আহ্বান জনালোঁ৷”
উল্লেখ্য যে অসমৰ আৰক্ষীয়ে শেহতীয়াকৈ স্বাধীনতা দিৱসৰ পূর্বে আলফা(স্বা)ত নতুন কেডাৰ নিয়োগ কৰাৰ প্রচেষ্টা বিফল কৰে। এই কথা পোহৰলৈ আহে অসমৰ তিনিচুকীয়া জিলাত উলফা-আইৰ এজন প্ৰাক্তন কেডাৰক গ্ৰেপ্তাৰ কৰাৰ পিছত। আটকাধীন কেডাৰজন অসমৰ তিনিচুকীয়া জিলাৰ পেঙেৰী অঞ্চলৰ সুৰজিৎ গগৈ বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, সুৰজিৎ গগৈক সংগঠনটোৱে তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা নতুন সদস্য নিযুক্তিৰ দায়িত্ব অৰ্পণ কৰিছিল।