NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত ৩ লাখ টকাসহ আটক আলফা (স্বাধীন)ৰ মহিলা লিংকমেন

Posted by: অভিক চক্ৰৱৰ্তী, ডিব্রুগড় Updated by: অভিক চক্ৰৱৰ্তী, ডিব্রুগড় July 23, 2023 9:56 am

ভাৰতীয় সেনা আৰু অসম আৰক্ষীৰ এটা যৌথ দলে শনিবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপত নগদ ৩ লাখ টকাসহ আটক কৰে নিষিদ্ধ আলফা (স্বাধীন)ৰ এগৰাকী মহিলা লিংকমেনক।

আৰক্ষীয়ে জনোৱা মতে, তিনিচুকীয়া জিলাৰ লাইপুলী অঞ্চলৰ দিহিং গাঁৱৰ বাসিন্দা পুষ্পাঞ্জলি গগৈ নামৰ মহিলাগৰাকীক বিয়লি প্ৰায় ৩ বজাত আটক কৰা হয়। তেওঁ আলফা (স্বাধীন)ৰ হৈ অঞ্চলটোৰ ব্যৱসায়ীসকলৰ পৰা ধন দাবী কৰি আহিছিল।

এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, তেওঁৰ জিম্মাৰ পৰা এটা মোবাইল ফোনো জব্দ কৰা হৈছে। প্ৰথমবাৰৰ বাবে আলফা (স্বাধীন)ৰ কোনো মহিলা লিংকমেনক ইমান বৃহৎ পৰিমাণৰ নগদ ধনেৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছে।

লগতে পঢ়ক: হিংসাৰ পৰা ৰক্ষা নপৰিল স্বাধীনতা সংগ্ৰামীৰ ঘৰো; জীৱন্তে জ্বলাই দিয়া হৈছে তেওঁৰ পত্নীক

এই গ্ৰেপ্তাৰৰ ফলত ধন দাবীৰ ধন ব্যৱহাৰ কৰি নিজৰ কাৰ্যকলাপ চলাই অহা সংগঠনটোৰ বাবে এক বৃহৎ আঘাত হিচাপে বিবেচিত হৈছে।

দুসপ্তাহ পূৰ্বে আলফা (স্বাধীন)-য়ে চৰাইদেউ জিলাৰ সোণাৰি অঞ্চলত অৱস্থিত এখন চাহ বাগিচালৈ ধন দাবীৰ পত্ৰ প্ৰেৰণ কৰি নিষিদ্ধ সংগঠনটোৰ পুঁজিৰ বাবে ৭২ লাখ টকা বিচাৰিছিল।

আলফা (স্বাধীন)ৰ নেতা নয়ন অসম স্বাক্ষৰিত ধনদাবী পত্ৰখন হোৱাটছএপৰ জৰিয়তে চৰাইদেউৰ টিমন চাহ বাগিচাৰ পৰিচালক মনোজ গগৈলৈ প্ৰেৰণ কৰা হৈছিল। পত্ৰখনত সাংগঠনিক পুঁজিৰ বাবে ৭২ লাখ টকাৰ ধন বিচৰা হৈছে।

এই ঘটনাৰ সৈতে জড়িত কোনো লোকক এতিয়ালৈকে আৰক্ষীয়ে আটক কৰা নাই আৰু বিষয়টোৰ অধিক তদন্ত অব্যাহত আছে।

লগতে পঢ়ক: ”আমি চোৰ ধৰো আৰু তেওঁলোকে উৎকোচ লৈ মুকলি কৰি দিয়ে’’- ঘাইপথত শুই প্ৰতিবাদ হোমগাৰ্ডৰ

পুষ্পাঞ্জলি গগৈক গ্ৰেপ্তাৰ কৰাৰ লগতে চাহ বাগিচালৈ প্ৰেৰণ কৰা ধন দাবী পত্ৰই আলফা (স্বাধীন) এতিয়াও অঞ্চলটোত সক্ৰিয় হৈ থকাৰ লগতে মানুহৰ পৰা ধন দাবী কাৰ্য অব্যাহত ৰখাৰ স্পষ্ট ইংগিত দিয়ে।