NORTHEAST NOW (Assamese)

এইবাৰ আলফা নেতাৰ ‘খাটাং’ সকীয়নি বিজেপিৰ শিলাদিত্যক

October 24, 2018 9:28 pm · এন ই নাও নিউজ
Updated: October 24, 2018 11:02 pm
শিলাদিত্য দেব। ছবি- নৰ্থ ইষ্ট নাও।

বিজেপিৰ বিধায়ক শিলাদিত্য দেবক “খাটাং” সকীয়নি দিয়াৰ লগতে সকলো খিলঞ্জীয়া সংগঠনে সৰ্বাত্মক বিৰোধ কৰা নাগৰিকত্ব বিধেয়ক সমৰ্থনকাৰী ৰাজ্যৰ বাঙালীসকলক গণ-“হত্যা”ৰ দৰে পৰিস্থিতিৰ হুংকাৰ দিছে আলফা নেতা মৃণাল হাজৰিকাই।

“শিলাদিত্যই পৰিণতি ভোগ কৰিবই লাগিব। এইটোটো খাটাং কথা,”  চৰকাৰত থাকি “নিৰাপত্তাৰক্ষী লৈ দম্ভালি মাৰি” থকা বুলি মন্তব্য কৰি দেবক এই সকীয়নি হাজৰিকাৰ।

বিজেপি বিধায়কজনক সকীয়নি দিয়াৰ লগতে নাগৰিকত্ব বিধেয়ক বাতিলৰ বাবে ৰণকৌশল নিৰ্ধাৰণক লৈয়ো অসম সংগ্ৰামী মঞ্চই গুৱাহাটীত আয়োজন কৰা এক সভাত বুধবাৰে পৰামৰ্শ আগবঢ়াইছে আলফা তথা খিলঞ্জীয়া মঞ্চৰ নেতাজনে।

নাগৰিকত্ব বিধেয়কৰ সমৰ্থনত অসমৰ ২৬টা বাঙালী সংগঠনৰ উমৈহতীয়া মঞ্চ চি আৰ পি এফ-এ গুৱাহাটীত বৃহৎ সমাৱেশ অনুষ্ঠিত কৰিবই বুলি বিজেপি নেতা দেবে ঘোষণা কৰাৰ বিপৰীতে আৰ এচ এচ-বিজেপিক “বাধ্য” কৰি ৰাখিবৰ কাৰণে অসমৰ বাঙালীসকলক “সন্ত্ৰাসিত” কৰি ৰখাৰো পৰামৰ্শ আগবঢ়াইছে হাজৰিকাই।

“অসমৰ বাঙালী লোকসকলৰ জৰিয়তেই এই দলটো (বিজেপি)ক হেঁচা প্ৰয়োগ কৰিব লাগিব। আৰু সেইটো তেতিয়া হ’ব যেতিয়া তেওঁলোক সম্পূৰ্ণৰূপে সন্ত্ৰাসিত হৈ থাকিব,’’ সভাত এই পৰামৰ্শ আলফা নেতাজনৰ।

হাজৰিকাই লগতে কয় যে নাগৰিকত্ব বিধেয়কৰ সমৰ্থন নকৰিবলৈ অসমৰ বাঙালীসকলক আহ্বান জনাই ৰাজ্যজুৰি প’স্তাৰ লগোৱাৰ বাবে খিলঞ্জীয়া মঞ্চ, অসমে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে।

“অসমজুৰি প’স্তাৰিং কৰিব লাগে যে যদিহে তেওঁলোকে এই বিধেয়ক সমৰ্থন কৰে বা ইয়াৰ সমৰ্থনত সমাৱেশ কৰে তেন্তে তেওঁলোকক উৎখাত কৰা হ’ব। মেচাকাৰ (নিৰ্মম হত্যা) কৰি হওক যি কৰি হওক আমি দৰকাৰ হ’লে ’৮৩ৰ পৰিস্থিতিলৈ ঘূৰি যাব লাগিব,” বাঙালী সংগঠনকেইটাৰ উদ্যোগৰ বিপৰীতে এই চৰম পৰামৰ্শ আলফা নেতাজনৰ।

অসমৰ খিলঞ্জীয়াৰ সৰ্বাত্মক বিৰোধিতা নেওচি বিজেপি চৰকাৰে আঁকোৰগোজভাৱে উদ্যোগ লোৱা আমাক ঠেলি দিব নেকি ’৮৩ৰ জুয়ে পোৰা দিনলৈ?

Related News