NORTHEAST NOW (Assamese)
দেশ

ভুৱা আছিল আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ! ওমৰ খালিদক দোষমুক্ত ঘোষণা আদালতৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 3, 2022 8:15 pm
Umar Khalid

কাৰাৰুদ্ধ ছাত্ৰনেতা ওমৰ খালিদৰ ওপৰত ভুৱাকৈ আৰোপ কৰা হৈছিল এক বিশেষ গোচৰ। কৰ্তব্যৰত আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ তুলি খালিদৰ বিপক্ষে যি গোচৰ আৰোপ কৰা হৈছিল, অৱশেষত দুটা বছৰৰ পিছত এই গোচৰত ছাত্ৰ নেতাগৰাকীক দোষমুক্ত ঘোষণা কৰিছে আদালতে।

লাইভ ল’-ত প্ৰকাশিত বাতৰি অনুসৰি ২০২০ চনৰ উত্তৰ-পূব দিল্লীৰ হিংসাত্মক সংঘৰ্ষ সম্পৰ্কীয় গোচৰত আজি দিল্লীৰ আদালতে জে এন ইউৰ প্ৰাক্তন ছাত্ৰ নেতা খালিদ আৰু খালিদ ছাইফীক দোষমুক্ত ঘোষণা কৰে।

এই দুই নেতাৰ উপৰিও তাৰিক মঈন ৰিজৱী, জাগৰ খান আৰু মহম্মদ ইলিয়াছক আদালতে মুকলি কৰি দিছে। অৱশ্যে খালিদ আৰু ছাইফি UAPA গোচৰত এইপৰ্যন্ত জামিন লাভ নকৰাৰ বাবে ন্যায়িক জিম্মাতে থাকিব লাগিব।

উল্লেখ্য যে এই গোচৰটো দিল্লীৰ খাজুৰি খাছ অঞ্চলত সংঘটিত অগ্নিসংযোগৰ ঘটনাৰ সৈতে জড়িত। ২০২০ চনৰ ২৪ ফেব্ৰুৱাৰীত অঞ্চলটোৰ পাৰ্কিং লটত কেইবাখনো বাহন জ্বলাই দিয়াৰ উপৰিও মেইন কৰোৱাল নগৰ পথত শিলগুটি নিক্ষেপ কৰা বুলি কনিষ্টবল সংগ্ৰাম সিঙে দিয়া ভাষ্যৰ ভিত্তিত এই গোচৰৰ ৰুজু কৰা হৈছিল।

২০২০ চনৰ ছেপ্টেম্বৰ মাহত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা উমৰ খালিদে ইতিপূৰ্বে এই হিংসাত্মক কাণ্ডত কোনো ধৰণৰ অপৰাধমূলক ভূমিকাৰ লগতে বিষয়টোৰ আন কোনো অভিযুক্তৰ সৈতে কোনো ধৰণৰ সংযোগ থকাৰ অভিযোগ অস্বীকাৰ কৰিছে।