NORTHEAST NOW (Assamese)

নৱবৰ্ষত কন্যা সন্তানৰ পিতৃ হ’ল ভাৰতীয় দলৰ বেগী বলাৰ উমেশ যাদৱ; বি চি চি আইৰ শুভেচ্ছা জ্ঞাপন

January 1, 2021 4:34 pm · এন ই নাও নিউজ

নতুন বৰ্ষত কন্যা সন্তানৰ পিতৃ হ’ল ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ উমেশ যাদৱ।

উমেশ যাদৱ আৰু পত্নী তানিয়াই কন্যা সন্তান লাভ কৰা বাবে গভীৰ সন্তুষ্টি ব্যক্ত কৰে।

উমেশ যাদৱ আৰু তানিয়াই তেওঁলোকৰ প্ৰথমটো সন্তান লাভৰ কথা টুইটাৰযোগে ৰাজহুৱা কৰে।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে উমেশ যাদৱক পিতৃ হোৱাৰ শুভক্ষণত শুভেচ্ছা জ্ঞাপন কৰে।

বি চি চি আইৰ লগতে ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ আৰু পূৰ্বৰ ক্ৰিকেটাৰ সকলেও যাদৱ আৰু তানিয়াক শুভেচ্ছা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্টৰ দ্বিতীয় ইনিংছত বলিং কৰি থকাৰ সময়ত উমেশ যাদৱে কলাফুলত আঘাত পাইছিল।

পৰৱৰ্তী সময়ত তেওঁৰ আঘাত পোৱা স্থানৰ স্কেন কৰা হয় আৰু আঘাত বেছি হোৱা বাবে যাদৱক অন্তিম দুখন টেষ্টত দলৰ পৰা অব্যাহতি দিয়া হয়।

উমেশ যাদৱৰ স্থানত বাওহতীয়া বেগী বলাৰ টি নটৰাজনক ভাৰতীয় দলত অন্তৰ্ভূক্ত কৰা হৈছে।

Related News