NORTHEAST NOW (Assamese)

নিষিদ্ধ হ’লেও খেলুৱৈ সকলে অভ্যাসবশত ব’লত থু লগাব, ভাৰতীয় আম্পায়াৰ নিতিন মেনন

July 1, 2020 6:48 am · এন ই নাও নিউজ
নিতিন মেনন, উৎস-ইণ্টাৰনেট

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে আই চি চিয়ে ক্ৰিকেট বলত থু লগোৱাতো নিষিদ্ধ কৰাৰ পাছত আম্পায়াৰ নিতিন মেননে ক্ৰিকেটৰ পথাৰত বল মেনেজমেণ্ট কৰাটো আম্পায়াৰ সকলৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ’ব বুলি মন্তব্য কৰে।

আই চি চিয়ে ক্ৰিকেট বলত থু লগোৱাটো নিষিদ্ধ কৰাৰ পাছতে এই সম্পৰ্কে মত ব্যক্ত কৰি নিতিন মেননে কয় যে, খেলুৱৈ সকলে ইচ্ছাতকৈও ভুলতে অভ্যাসবশত বলত থু লগাব আৰু সেই সময় অনুপাতে আমি আম্পায়াৰ সকলে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব।

উল্লেখযোগ্য যে, ভাৰতীয় আম্পায়াৰ নিতিন মেনন অলপতে আই চি চিৰ আম্পায়াৰৰ এলিট পেনেললৈ নিৰ্বাচিত হৈছে।

ইয়াৰ পূৰ্বেও ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰেও বলত থু লগোৱা নিষিদ্ধ কৰা সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰি টেষ্ট ক্ৰিকেটত প্ৰতি ৫০ অভাৰৰ পাছত নতুন বল দিয়াৰ নিয়ম কৰিব লাগে বুলি কৈছিল।

আনহাতে, বহু কেইগৰাকী বৰ্তমান আৰু প্ৰাক্তন ক্ৰিকেটাৰে আই চি চিৰ নতুন নিয়মে বেটছমেনক সহায় কৰিব আৰু এনে হ’লে ক্ৰিকেটৰ মাদকতা বহু পৰিমাণে হ্ৰাস পাব বুলিও উল্লেখ কৰিছিল।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পাছত ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’বলগীয়া ক্ৰিকেট শৃংখলাৰ ওপৰত সকলোৱে দৃষ্টি ৰাখিছে।

এই শৃংখলাটো সফলভাৱে অনুষ্ঠিত হৈ গলে ভবিষ্যতে ক্ৰিকেট পুনৰ আৰম্ভ কৰা সম্বন্ধে চিন্তা চৰ্চা হ’ব বুলি আই চি চিয়ে উল্লেখ কৰিছিল।

Related News