NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

গাজাত দুৰ্ভিক্ষৰ ঘোষণা ৰষ্ট্ৰসংঘৰ! ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ কঠোৰ হুংকাৰ “অস্ত্ৰ ত্যাগ নকৰিলে ধ্বংস হ’ব গাজা”

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 24, 2025 6:02 pm

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে হামাছক পুনৰ এক সতৰ্কবাণী জাৰি কৰিছে। তেওঁ স্পষ্টকৈ কয়—যদি হামাছ অস্ত্ৰ ত্যাগ নকৰে, সকলো পণবন্দীক মুকলি কৰি নিদিয়ে আৰু তেল আভিভৰ চৰ্তত যুদ্ধৰ অন্ত কৰিবলৈ সন্মত নহয়, তেন্তে গাজা সম্পূৰ্ণৰূপে ধ্বংস হ’ব।

ইফালে ৰাষ্ট্ৰসংঘই গাজাত আনুষ্ঠানিকভাৱে দুৰ্ভিক্ষ ঘোষণা কৰিছে। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ছ’চিয়েল মিডিয়াত সদৰী কৰা অনুসৰি গাজাত হামাছৰ হত্যাকাৰী আৰু ধৰ্ষণকাৰীৰ বাবে নৰকৰ দুৱাৰ অতি সোনকালে খোল খাব, যদিহে তেওঁলোকে যুদ্ধৰ অন্ত কৰিবলৈ ইজৰাইলৰ চৰ্তত সন্মতি নিদিয়ে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে গাজা চহৰ দখল কৰাৰ কৰ্তৃত্ব সেনাক প্ৰদান কৰাৰ ঘোষণাৰ পিছতেই এই মন্তব্য প্ৰকাশ পায়। ন্যেতানিয়াহুৱে লগতে সকলো পণবন্দীক মুকলি কৰাৰ বাবে তাৎক্ষণিক আলোচনাৰ নিৰ্দেশ দিছে। চৰকাৰী তথ্য অনুসৰি, ২০২৩ চনৰ অক্টোবৰ মাহত ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণত ১২১৯ জন লোক নিহত হৈছিল, য’ত বেছিভাগেই সাধাৰণ নাগৰিক।

বিশেষজ্ঞসকলে সতর্ক কৰিছে যে গাজাত বৰ্তমান প্ৰায় ৫ লাখতকৈ অধিক লোক ক্ষুধাৰ সন্মুখীন হৈছে। খাদ্য আৰু বিশুদ্ধ পানীৰ অভাৱত লোকসকলে অনাহাৰে দিন কটাইছে।

২০২৩ চনত যুদ্ধ আৰম্ভ হোৱাৰ পিছত ৰাষ্ট্ৰসংঘই প্ৰথমবাৰৰ বাবে গাজাত দুৰ্ভিক্ষ ঘোষণা কৰিছে। ইয়াৰ ফলত যুদ্ধ বন্ধ আৰু সাহায্য ত্বৰান্বিত কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় আহ্বান অধিক তীব্ৰ হৈছে।

ইন্টিগ্ৰেটেড ফুড ছিকিউৰিটি ফেজ ক্লাছিফিকেশনে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, ছেপ্টেম্বৰ মাহৰ শেষলৈকে পেলেষ্টাইন ভূখণ্ডৰ ৬ লাখ ৪০ হাজাৰ লোক “খাদ্য অসুৰক্ষিততাৰ বিপৰ্যয়জনক অৱস্থা”ৰ সন্মুখীন হ’ব।

আল জাজিৰাৰ তথ্য মতে, ইজৰাইলী সেনাই গাজাত পেলেষ্টাইনীক হত্যা কৰিছে—য’ত শিশু আৰু সাহায্য বিচৰা সাধাৰণ লোকো অন্তৰ্ভুক্ত আছিল। গাজা চহৰ দখল কৰি চিকিৎসা কৰ্মীসকলক বহিষ্কাৰ কৰাৰ পৰিকল্পনা চলিছে বুলি অভিযোগ উঠিছে। ইফালে কালি ভোকত অন্ততঃ ৮ জনৰ মৃত্যু ঘটাৰ খবৰো প্ৰকাশ পাইছে।