NORTHEAST NOW (Assamese)
অসম

কোভিড-১৯ৰ বিৰুদ্ধে যুঁজৰ বাবে ৰাষ্ট্ৰসংঘই সন্মানিত কৰিলে এইখন ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 25, 2020 11:36 am
Kerala-Health-Minister-KK-Sailaja

ৰাষ্ট্ৰসংঘ (UN)ই মঙলবাৰে জনসেৱা দিৱস পালন কৰে। এই উপলক্ষে কোভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়া যিসকল ব্যক্তিক সন্মানিত কৰিলে তাৰ ভিতৰত ভাৰতৰ এখন ৰাজ্যৰ এগৰাকী স্বাস্থ্য মন্ত্ৰীয়ো আছে।

কেৰেলাৰ স্বাস্থ্য মন্ত্ৰী কে কে শৈলজাক এই অনুষ্ঠানত সন্মানিত কৰা হয়।

ভাৰ্ছুৱেল প্লেটফৰ্মত আয়োজিত এই কাৰ্যসূচীত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এন্টোনিঅ’ গুটেৰেছৰ লগতে ৰাষ্ট্ৰসংঘৰ আন শীৰ্ষ ব্যক্তিসকল উপস্থিত থাকে।

তেওঁলোকে কোভিড-১৯ৰ পৰা ৰক্ষা পাবলৈ শক্তিশালী ভূমিকা গ্ৰহণ কৰা কেৰালাৰ স্বাস্থ্য মন্ত্ৰী কে কে শৈলজাকে ধৰি নেতাসকলক ভূয়সী প্ৰশংসা কৰে।

এই সন্দৰ্ভত ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী শৈলজাই কয় যে নিপাহ ভাইৰাছ আৰু দুটাকৈ বানপানী (২০১৮ আৰু ২০১৯)ৰ পৰা পৰিত্ৰাণৰ অভিজ্ঞতাই কোভিড-১৯ক সময়মতে নিয়ন্ত্ৰিত কৰাত সহায় কৰিছে।

তেওঁ কয় যে উহানত কোভিড-১৯ৰ ঘটনা যেতিয়া আহিবলৈ আৰম্ভ কৰে তেতিয়াৰে পৰা কেৰালাই বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা অনুসৰণ কৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ সকলো নীতি-নিৰ্দেশনা আৰু আন্ত:ৰাষ্ট্ৰীয় নিয়মসমূহ অনুসৰণ কৰি সংক্ৰমণৰ হাৰ ১২.৫শতাংশ তথা মৃত্যুৰ হাৰ ০.৬ শতাংশলৈ হ্ৰাস কৰিবলৈ সক্ষম হোৱা বুলিও সদৰী কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।