NORTHEAST NOW (Assamese)
দেশ

অস্বস্তিকৰ! গ্ৰেপ্তাৰৰ পদ্ধতিক লৈ পুনৰ উচ্চতম ন্যায়ালয়ৰ ভৎসৰ্নাৰ সন্মুখীন ইডি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 7, 2024 4:26 pm

উচ্চতম ন্যায়ালয়ত পুনৰ প্ৰশ্নৰ সন্মুখীন হৈছে ইডি। প্ৰাক্তন বিষয়া অনিল টুতেজাক গ্ৰেপ্তাৰ কৰাৰ সময়ত ইডিয়ে সঠিক পদ্ধতি পালন নকৰিলে। যাৰ বাবে উচ্চতম ন্যায়ালয়ৰ ভৎসৰ্নাৰ সন্মুখীন হৈছে সংস্থাটো।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় এছ ওকা আৰু ন্যায়াধীশ অগাস্টিন জৰ্জ মাছিহৰ এখন বিচাৰপীঠে কয় যে, “২০২৪ চনৰ ২০ এপ্ৰিলত ৰায়পুৰৰ দুৰ্নীতি নিবাৰক শাখাৰ কাৰ্যালয়ত বিয়লি ৪:৩০ বজাত টুটেজা বহি আছিল। ইডিয়ে তেওঁক চমন জাৰি কৰে। সন্ধিয়া ৫:৩০ বজাত তেওঁক আন এক চমন জাৰি কৰি তেওঁক কাৰ্যালয়ত হাজিৰ হ’বলৈ কোৱা হয়।

ছত্তীশগড়ত কংগ্ৰেছ চৰকাৰৰ দিনত আবকাৰী দুৰ্নীতিৰ সৈতে জড়িত আছিল প্ৰাক্তন আমোলা অনিল টুতেজাৰ। ২০১৯-২০২২ বৰ্ষৰ পৰা ২১০০ কোটি টকাৰ আবকাৰী দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। যোৱা এপ্ৰিল মাহত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল প্ৰাক্তন আমোলাজনক।

২০ এপ্ৰিলত অনিল টুতেজা দুৰ্নীতি নিবাৰক শাখাৰ কাৰ্যালয়ত থাকোতে ইডিৰ কাৰ্যালয়ত জেৰাৰ বাবে হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল। কিন্তু তেওঁ হাজিৰ হ’বলৈ অস্বীকাৰ কৰে।

পিছত সেইদিনাই তেওঁক দুৰ্নীতি বিৰোধী শাখাৰ বিষয়াই লৈ যায় ইডিৰ কাৰ্যালয়লৈ। তাতে গোটেই ৰাতি ইডিৰ বিষয়াসকলে জেৰা কৰি পুৱাৰ ভাগত গ্ৰেপ্তাৰ কৰে।

এতিয়া এই গ্ৰেপ্তাৰক লৈ ইডিক সমালোচনা কৰিছে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে।

প্ৰসংগক্ৰমে, টুটেজাক গ্ৰেপ্তাৰ কৰাক লৈ উচ্চতম ন্যায়ালয়ে ইডিক সমালোচনা কৰাটো এয়া প্ৰথম নহয়। ইয়াৰ পূৰ্বেও বহু সময়ত উচ্চতম ন্যায়ালয়ৰ সমালোচনাৰ সন্মুখীন হৈছে ইডি।