NORTHEAST NOW (Assamese)

অন্বেষাৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ তৃষ্ণাৰ্ত গছপুলিত পানী দিলে বিশিষ্ট নাগৰিকে

December 15, 2018 4:51 pm · এন ই নাও নিউজ

গুৱাহাটী মহানগৰীৰ জি এছ ৰোডৰ লাচিত নগৰৰ পৰা বৰা চাৰ্ভিচলৈ আৰু দিচপুৰ ফ্লাইঅভাৰৰ পৰা ছয়মাইললৈ ৰাস্তাৰ মাজৰ ডিভাইডাৰত থকা গছ পুলি বোৰ বৰষুণ নাপাই লেৰেলি গৈছে। অন্বেষাৰ উদ্যোগত গুৱাহাটীৰ একাংশ নাগৰিকে আজি পুৱা ৬ বজাৰ পৰা প্ৰায় দুঘন্টা সময় ধৰি এই গছপুলি বোৰত পানী দিয়ে৷

প্ৰসিদ্ধ লেখক তথা অসম পুলিচৰ প্ৰাক্তন সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাই লাচিত নগৰৰ, হনুমান মন্দিৰৰ ওচৰৰ পৰা আৰম্ভ হোৱা উক্ত কাৰ্যসূচীটো মুকলি কৰে। ভাষণ প্ৰসংগত তেওঁ অন্বেষাই গ্ৰহণ কৰা প্ৰচেষ্টাৰ প্ৰশংসা কৰি কয়, ‘আমি মানুহ যেনেকৈ পানী নহ’লে জীয়াই থাকিব নোৱাৰোঁ, তেনেদৰে গছো পানী নহ’লে জীয়াই থাকিব নোৱাৰে৷ গছ পুলি ৰুলেই নহ’ব, পুলিবোৰ ডাঙৰ নোহোৱালৈকে আমি ভালদৰে সেইবোৰৰ প্ৰতিপাল কৰিব লাগিব৷ এই ক্ষেত্ৰত চৰকাৰী বিভাগ যত্নপৰ হোৱাটো প্ৰয়োজনীয়৷’

কাৰ্যসূচীটোত উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা অনুৰাধা দত্তই কয়, ‘আমি কেৱল চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি থাকিলেই নহ’ব৷ আজি যেনেকৈ আমি নাগৰিক সকল ওলাই আহি এই শুকাই যোৱা পুলিবোৰত নিজৰ পইছা খৰচ কৰি পানী দিবলৈ আগ আহিছোঁ , ভৱিষ্যতলৈও আমি তেনে উদ্যোগ ল’ব লাগিব আৰু তাত সৰহ সংখ্যক মানুহক জড়িত কৰি ল’ব পাৰিব লাগিব৷’

কাৰ্যসূচীৰ আৰম্ভণিতে অন্বেষাৰ সভাপতি পৰেশ মালাকাৰে কয় যে প্ৰতিদিনে অহা যোৱা কৰা ৰাস্তাটোৰ গছপুলিবোৰৰ দুৰৱস্থা দেখি অন্বেষাই গছপুলিবোৰত পানী দিয়াৰ কথাটো চিন্তা কৰি এই উদ্যোগটো লৈছে৷

উল্লেখযোগ্য যে গুৱাহাটীৰ ভালেমান এপাৰ্টমেন্টত থকা আবাসীয়ে ভাগ লোৱা আজিৰ উক্ত কাৰ্যসূচীত গুৱাহাটী চাইক্লিং কমিউনিটিৰ বুজন সংখ্যক সদস্যৰ লগতে দিল্লী, গুজৰাট আৰু মধ্য প্ৰদেশৰ পৰা অহা চাইকেল আৰোহী সকলেও অংশগ্ৰহণ কৰে৷

ইয়াৰ উপৰি অন্যান্য সকলৰ লগতে লেখক ফণীন্দ্ৰ কুমাৰ দেবচৌধুৰী, পূৰ্বৰ গৃহ আয়ুক্ত ধীৰেন্দ্ৰনাথ শইকীয়া, অসম মাধ্যমিক শিক্ষা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকাও গছপুলিত পানী দিয়া অনুষ্ঠানত অংশগ্ৰহণ কৰে৷

Related News