NORTHEAST NOW (Assamese)
Popular Stories

খহি পৰিল গুৰগাঁও-দ্বাৰকা এক্সপ্রেছ হাইৱেৰ নিৰ্মীয়মান উৰণীয়া সেতু : ৩ শ্ৰমিক আহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 28, 2021 5:21 pm
index

গুৰগাঁও-দ্বাৰকা সংযোগী এক্সপ্ৰেছ হাইৱেৰ নিৰ্মীয়মান এখন উৰণীয়া সেতু খহি পৰিছে।

দেওবাৰে এক্সপ্ৰেথছ হাইৱেটোৰ দৌলতাবাদত নিৰ্মীয়মান উৰণীয়া সেতুখন খহি পৰে।

উৰণীয়া সেতু খহি পৰাৰ ফলত তাত কৰ্মৰত ৩ গৰাকী শ্ৰমিক আহত হোৱা বুলি জানিব পৰা গৈছে।

অগ্নি নিৰ্বাপক আৰু উদ্ধাৰকৰাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

অৱশ্যে ঘটনাটোৰ সৱিশেষ তথ্যৰ বাবে এতিয়াও অপেক্ষা কৰি থকা হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি কাম চলি থকা অৱস্থাতে উৰণীয়া সেতুখনৰ খহি পৰাৰ ফলত কেবাজনো শ্ৰমিক আহত হৈছে।