NORTHEAST NOW (Assamese)

অপৰিষ্কাৰ পানী যোগান ধৰি অহাৰ প্ৰতিবাদত মৰিয়নীত ছাত্ৰ সন্থাৰ পথ অৱৰোধ

June 20, 2020 4:44 pm · নিৰ্মলেন্দু পাঠক

ফিল্টাৰ নকৰা অপৰিষ্কাৰ আৰু বোকাময় পানী যোগান ধৰি অহাৰ প্ৰতিবাদত আজি যোৰহাট জিলাৰ মৰিয়নী নগৰ পানী যোগান আঁচনিৰ বিৰুদ্ধে অঞ্চলটোৰ ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাইজৰ অভিযোগ গ্ৰাহকৰ পৰা নিয়মিতভাৱে মাচুল আদায় কৰি অহাৰ পিছতো পানী যোগান কেন্দ্ৰই ৰাইজক পৰিষ্কাৰ পানী যোগান ধৰা নাই।

ইয়াৰে প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ মৰিয়নী আঞ্চলিক সমিতিৰ উদ্যোগত স্থানীয় ৰাইজে ঐতিহাসিক ধোদৰআলী অৱৰোধ কৰে।

জানিব পৰা মতে গ্ৰাহকে বহুবাৰ আপত্তি কৰি আহিছে যদিও বিভাগে এইক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই।

প্ৰতিবাদকাৰী সকলে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী  মূৰ্দাবাদ, লোকসভাৰ সাংসদ তপন গগৈ মূৰ্দাবাদ, জনস্বাস্থ্য কল্যাণ মন্ত্ৰী মূৰ্দাবাদ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷

অৱশেষত মৰিয়নীৰ চক্ৰ বিষয়াৰ উপস্থিতিত পথ অৱৰোধ উঠাই লোৱা হয় আৰু অতি কম দিনৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই স্মাৰকপত্ৰ প্ৰদান কৰা হয়।

Related News