NORTHEAST NOW (Assamese)
অসম

ছয়গাঁৱত নৃশংস হত্যাকাণ্ড : পতি-পত্নীৰ লগতে শিশু পুত্ৰক হানি-খুচি হত্যা

Posted by: এন ই নাও নিউজ January 29, 2019 10:15 am
Murder-750x375

দক্ষিণ কামৰূপৰ ছয়গাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। অচিনাক্ত দুৰ্বৃত্তই এটা পৰিয়ালৰ পতি-পত্নী আৰু তেওঁলোকৰ শিশু পুত্ৰক ডেগাৰেৰে হানি-খুচি হত্যা কৰে। ছয়গাঁৱৰ গুমাত সোমবাৰে এই ঘটনা সংঘটিত হয়।

ইতিমধ্যে ছয়গাঁও আৰক্ষীয়ে দুটা মৃতদেহ উদ্ধাৰ কৰিছে। উদ্ধাৰ হোৱা মৃতদেহ দুটা পতি-পত্নী আছুৰুদ্দিন আলী আৰু ইয়াতন নেছাৰ বুলি চিনাক্ত কৰা হৈছে।

আনহাতে, তেওঁলোকৰ চাৰি বছৰীয়া শিশু কুৰবান আলীৰ মৃতদেহ আৰক্ষীয়ে এতিয়ালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। শিশুটিক হত্যা কৰি কলহী নৈত পেলাই দিয়াৰ সন্দেহ কৰা হৈছে।

ছয়গাঁৱ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰু হত্যাকাৰীক চিনাক্ত কৰি কৰায়ত্ত কৰিবলৈ অভিযান চলাই আছে।

মানৱতাৰ চৰম স্খলনৰ এনে মৰ্মান্তিক ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। তদুপৰি, অঞ্চলবাসীয়ে এই নৃশংস ঘটনাৰ সৈতে জড়িত দোষীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰতম শাস্তি বিহাৰ দাবী তুলিছে।