NORTHEAST NOW (Assamese)
অসম

পাৰ্থপ্ৰতিম হাজৰিকালৈ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা

Posted by: এন ই নাও নিউজ January 29, 2019 11:27 am
Parthapratim Hazarika

২০১৮ বৰ্ষৰ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা আগবঢ়োৱা হৈছে অনুবাদক পাৰ্থপ্ৰতিম হাজৰিকালৈ। সোমবাৰে সাহিত্য অকাডেমিৰ সভাপতি ড০ চন্দ্ৰশেখৰ কাম্বাৰৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকৰ পাছতে এই কথা ঘোষণা কৰা হয়।

মামণি ৰয়ছম গোস্বামীৰ ইংৰাজী গ্ৰন্থ ৰামায়ণা ফ্ৰম গংগা টু ব্ৰহ্মপুত্ৰ (Ramayana from Ganga to Brahma) অসমীয়ালৈ ৰামায়ণ, গংগাৰ পৰা ব্ৰহ্মপুত্ৰলৈ শীৰ্ষক নামেৰে পাৰ্থপ্ৰতিম হাজৰিকাই অনুবাদ কৰিছে। এই গ্ৰন্থখন ২০১৫ চনত প্ৰকাশ পাইছিল।

অনুবাদক তথা ইংৰাজী দৈনিক বাতৰি কাকত ‘দা আছাম ট্ৰিবিয়ুনৰ’ সহকাৰী সম্পাদক হিচাপে কৰ্মৰত পাৰ্থপ্ৰতিম হাজৰিকাই গ্ৰন্থখন সন্দৰ্ভত কয় যে ৰামায়ণী সাহিত্যৰ গৱেষক এগৰাকীৰ গৱেষণামূলক গ্ৰন্থ ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰাটো বৰ সহজ কাম নাছিল।

উল্লেখ্য যে ১৯৬০-৭০ৰ সময়ছোৱাতে মামণি ৰয়ছম গোস্বামীয়ে লিখি উলিয়াইছিল এই গ্ৰন্থখন। অসমীয়া সপ্তকাণ্ড ৰামায়ণ আৰু গোস্বামী তুলসীদাসৰ অসমৰ কীৰ্তি ৰামচৰিত মানসৰ বিস্তৃত তুলনামূলক অধ্যয়নেই হৈছে মামণি ৰয়ছম গোস্বামীৰ এই গ্ৰন্থখন।

ইফালে বড়ো ভাষাত অনুবাদ অকাডেমি বঁটা লাভ কৰিছে নবীন ব্ৰহ্মই। তেওঁ ৰবীন্দ্ৰ নাথ ঠাকুৰৰ বাংলা উপন্যাস চ’খেৰ বালি বড়ো ভাষালৈ অনুবাদ কৰি এই বঁটা লাভ কৰে। ইয়াৰ উপৰি সংস্কৃত ভাষাতো অসমৰ দীপক কুমাৰ শৰ্মাই সাহিত্য অকাডেমি বঁটা লাভ কৰা বুলি জানিব পৰা গৈছে।