NORTHEAST NOW (Assamese)

‘একপক্ষীয় সিদ্ধান্ত ল’লে পৰিণাম ভয়ংকৰ হ’ব’ : ভাৰতক সকীয়নি চীনৰ

June 18, 2020 10:05 am · এন ই নাও নিউজ
Updated: June 18, 2020 10:22 am
প্ৰতিনিধিত্বমূলক ফ'টো, উৎস- ইন্টাৰনেট

লাডাখৰ নিয়ন্ত্ৰণ ৰেখাৰ বিবাদ তথা সংঘাত নিৰসনৰ বাবে ভাৰত আৰু চীনৰ সেনা বাহিনীৰ বৈঠক অব্যাহত থাকোতেই হঠাতে চীনা সৈন্যৰ আক্ৰমণত ২০ জনকৈ ভাৰতীয় সৈন্যই মৃত্যু বৰণ কৰে।

এই ৰক্তক্ষয়ী সংঘৰ্ষৰ বাবে চীনে ভাৰতকহে জগৰীয়া কৰিছে।

ভাৰতেও এই ৰক্তক্ষয়ী সংঘৰ্ষৰ বাবে চীনৰ আচৰণ প্ৰৰোচনামূলক বুলি অভিযোগ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীনক সতৰ্ক কৰি দিছে যে ‘প্ৰৰোচনামূলক আচৰণ কৰিলে ভাৰতে যথোচিত প্ৰত্যুত্তৰ দিবলৈ সাজু আছে’।

আনহাতে উক্ত ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছতে চীনৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিৰ যোগেদি ভাৰতকো সকীয়নি প্ৰদান কৰিছে।

“ভাৰতীয় সৈন্য বাহিনীয়ে সীমান্ত পাৰ হৈ চীনা সৈন্যৰ ওপৰত প্ৰৰোচনামূলকভাৱে আক্ৰমণ চলাইছিল।” এইদৰে কোৱা হৈছে চীনা বৈদেশিক মন্ত্ৰালয়ৰ বিবৃতিটোত।

বিবৃতিটোত আৰু কোৱা হৈছে, “ভাৰতীয় সেনাৰ এই পদক্ষেপক চীনে তীব্ৰ প্ৰতিবাদ কৰিছে।”

একপক্ষীয় সিদ্ধান্ত ল’লে ইয়াৰ পৰিণাম ভয়াৱহ হ’ব বুলিও বেইজিঙে ভাৰতক সকীয়নি দিছে।

চীনৰ চৰকাৰী সংবাদ পত্ৰ গ্লোবেল টাইমছএ ভাৰতক জগৰীয়া কৰি লিখিছে “সোমবাৰৰ গালৱান উপত্যকাৰ চীন আৰু ভাৰতৰ সেনাৰ মাজত সংঘৰ্ষ হয়। ভাৰতীয় সেনাই সীমান্তত বেআইনী কাৰ্যকলাপ কৰি চীনৰ সেনাৰ ওপৰত প্ৰৰোচনামূলক আক্ৰমণ কৰে।”

ইপিনে ভাৰতীয় বৈদেশিক মন্ত্ৰী সুব্ৰমণিয়ম জয়শংকৰে চীনৰ বৈদেশিক মন্ত্ৰী ওৱাংক টেলিফোনিক বাৰ্তালাপত স্পষ্টভাৱে কয়, “সোমবাৰে ৰাতি গালৱান উপত্যকাত চীনা সৈন্যই ভাৰতীয় সেনাৰ ওপৰত পৰিকল্পিতভাৱে আক্ৰমণ কৰিছে। ইয়াৰ ফলত ২০ জন ভাৰতীয় সেনাৰ মৃত্যু হৈছে। ইয়ে আমাৰ দ্বিপাক্ষিক সম্পৰ্কত গুৰুতৰ প্ৰভাৱ পেলাব।”

Related News