NORTHEAST NOW (Assamese)
অসম

উত্তৰ-পূবলৈ আবণ্টিত ধন বৃদ্ধিৰ প্ৰস্তাৱ কেন্দ্ৰীয় বাজেটত

Posted by: অনুপ শৰ্মা February 1, 2019 9:27 pm
Interim Finance Minister Piyush Goyal along with minister of state Shiv Pratap Shukla and Pon Radhakrishnan, and the team of officials coming out of north block office on way to Parliament House to Present the Interim Budget in New Delhi on Friday. The Print Picture by Suraj Singh Bisht 01 feb 2019.

শুকুৰবাৰে দাখিল হোৱা অন্তৰ্ৱৰ্তী বাজেটত উত্তৰ-পূবলৈ আবণ্টিত কেন্দ্ৰৰ ধনৰাশিৰ যোৱাবাৰতকৈ ২১ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱ কৰা হৈছে।

উত্তৰ-পূব পৰিষদৰ প্ৰকল্পসমূহৰ বাবে বাজেট ৫৮০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। ২০১৮-১৯ বৰ্ষৰ বাজেটত এই পৰিমাণ আছিল ৩৮০ কোটি টকা।

তাৰোপৰি জি এচ টি সন্দৰ্ভতো অন্তৰ্ৱৰ্তী বাজেটত উত্তৰ-পূবৰ বাবে আছে কেইটামান সুকীয়া ব্যৱস্থা। “উত্তৰ-পূব আৰু হিমালয় ৰাজ্যকেইখনৰ ঔদ্যোগিক গোটসমূহক কেন্দ্ৰীয় আৰু সংহত জি এচ টি ঘূৰাই দিয়াৰ বাবে ২০১৮-১৯ৰ ১৫০০ কোটি টকাৰ পৰা এইবাৰ ১৭০০ কোটি টকা কৰা হৈছে,” গ’ৱেলে কয়।

উত্তৰ-পূবৰ লোকসকলে মোদী চৰকাৰৰ কাৰ্য্যকালত আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত বিশেষ সুবিধা পোৱা বুলিও ভাষণত উল্লেখ কৰে বিত্ত মন্ত্ৰী অৰুণ জে’টলিৰ হৈ বাজেট আগবঢ়োৱা ৰাজ্যিক বিত্ত মন্ত্ৰী পিয়ুশ গ’ৱেলে।

“অৰুণাচল প্ৰদেশ শেহতীয়াকৈ দেশৰ বিমান যোগাযোগৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত হ’ল। ৰে’ল মেপত প্ৰথমবাৰৰ বাবে সোমাল মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম,” বাজেট ভাষণত গ’ৱেলৰ মন্তব্য।

মন্ত্ৰীজনে লগতে কয় যে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি সামগ্ৰী পৰিবহণো আৰম্ভ কৰিব।

ভাষণত বগীবিল দলঙৰ কথা উল্লেখ কৰাৰ লগতে মন্ত্ৰীজনে কয় উত্তৰ-পূবৰ আন এখন ৰাজ্য ছিকিমৰ পাকয়ং বিমান বন্দৰ মুকলিয়ে দেশত কাৰ্য্যক্ষম বিমান বন্দৰ বৃদ্ধি পালে ১০০টালৈ।