NORTHEAST NOW (Assamese)
Popular Stories

কেন্দ্রীয় মন্ত্ৰী বন্দী সঞ্জয়ৰ পুত্ৰক হায়দৰাবাদ আৰক্ষীৰ হাতত অৰ্পণ, পকচো গোচৰত অভিযুক্ত হৈছে সাই ভাগীৰথ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 16, 2026 9:12 pm
কেন্দ্রীয় মন্ত্ৰী বন্দী সঞ্জয়ৰ পুত্ৰক হায়দৰাবাদ আৰক্ষীৰ হাতত অৰ্পণ, পকচো গোচৰত অভিযুক্ত হৈছে সাই ভাগীৰথ

কেন্দ্রীয় গৃহ ৰাজ্য মন্ত্ৰী বন্দী সঞ্জয় কুমাৰে তেওঁৰ পুত্ৰ বন্দী সাই ভাগীৰথক হায়দৰাবাদ আৰক্ষীৰ হাতত অৰ্পণ কৰিছে। ১৭ বছৰীয়া এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত সাই ভাগীৰথৰ বিৰুদ্ধে এক পকচো গোচৰ ৰুজু কৰা হৈছিল। ইয়াৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আইনৰ প্ৰতি সন্মান জনাই পুত্ৰক অধিবক্তাৰ জৰিয়তে আৰক্ষীৰ অনুসন্ধানৰ বাবে অৰ্পণ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে আইনৰ দৃষ্টিত তেওঁৰ পুত্ৰই হওক বা এজন সাধাৰণ নাগৰিকেই হওক, সকলোৱে সমান আৰু সকলোৱে আইন মানি চলিব লাগে।

পুত্ৰক আৰক্ষীৰ হাতত গতাবলৈ হোৱা বিলম্বৰ সন্দৰ্ভত স্পষ্টীকৰণ দি বন্দী সঞ্জয়ে কয় যে তেওঁৰ অধিবক্তাসকলে ভাবিছিল যে এই গোচৰটো আদালতত খাৰিজ হব আৰু জামিন লাভ কৰিব। কিন্তু বিষয়টোত অধিক পলম কৰাটো উচিত নহব বুলি ভাবি তেওঁ নিজেই পুত্ৰক আৰক্ষীৰ অনুসন্ধানৰ বাবে লৈ আহে। আনহাতে তেলেংগানা উচ্চ ন্যায়ালয়েও এই গোচৰত অভিযুক্তক কোনো অন্তৱৰ্তীকালীন সকাহ দিবলৈ অস্বীকাৰ কৰে আৰু তেওঁৰ বিৰুদ্ধে এটা লূকআউট জাননীও জাৰি কৰা হৈছিল।

ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃৰ অভিযোগৰ ভিত্তিত এই গোচৰটো ৰুজু কৰা হৈছিল। এজাহাৰ অনুসৰি ভাগীৰথে কিশোৰীগৰাকীক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলোৱাৰ লগতে সুৰা পান কৰিবলৈও বাধ্য কৰাইছিল। আনহাতে ভাগীৰথেও ইয়াৰ বিপৰীতে এক ওলোটা গোচৰ তৰিছে। তেওঁৰ মতে কিশোৰীগৰাকীৰ পৰিয়ালে তেওঁক বিয়া কৰাবলৈ হেঁচা দিছিল আৰু ৫ কোটি টকা দাবী কৰিছিল। এই ঘটনাক লৈ বৰ্তমান ৰাজনৈতিক মহলতো ব্যাপক চৰ্চা চলিছে আৰু বিৰোধীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক পদৰ পৰা অপসাৰণ কৰিবলৈ দাবী জনাইছে।