NORTHEAST NOW (Assamese)

আমাক এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ দৰকাৰ : কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং

July 11, 2020 10:03 pm · এন ই নাও নিউজ
কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং

বিশ্ব জনসংখ্যা দিৱস উপলক্ষে ভাৰতত জনসংখ্যা নিয়ন্ত্ৰণ সন্দৰ্ভত মত ব্যক্ত কৰিছে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে।

”যদিহে আমি ভাৰতক এখন বিকাশশীল ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰো তেন্তে আমি জনসংখ্যা নিয়ন্ত্ৰণ আইন আনিবই লাগিব,” কেন্দ্ৰীয় মন্ত্ৰী সিঙে এইদৰে কয়।

আনহাতে, জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে আনিবলগীয়া আইনখন এখন কঠোৰ আইন হোৱাৰ লগতে সকলো ধৰ্মৰ লোকৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব লাগিব বুলিও গিৰিৰাজ সিঙে কয়।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ভাৰতৰ বৰ্দ্ধিত জনসংখ্যা আহিবলগীয়া সময়ত দেশৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হিচাপে থিয় দিব বুলিও লগতে মত ব্যক্ত কৰে।

গিৰিৰাজ সিং লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছৰে পৰা দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ সপক্ষে মাত মাতি আহিছে।

গিৰিৰাজ সিং বিহাৰৰ বেগুচৰাই লোকসভা সমষ্টিৰ পৰা লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে।

Related News