NORTHEAST NOW (Assamese)

মনোনয়ন দাখিল কৰিলে সৰ্বানন্দ সোণোৱালেঃ সংগ দিলে হিমন্ত বিশ্ব শৰ্মাই

March 26, 2024 3:16 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 26, 2024 4:32 pm

আগন্তুক লোকসভা নিৰ্বাচনত ডিব্ৰুগড় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় উপাযুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে।

মনোনয়ন দাখিলৰ সময়ত ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা সৰ্বানন্দ সোণোৱালৰ সৈতে উপাযুক্ত কার্যালয়ত উপস্থিত থাকে৷

লগতে মিত্ৰজোঁটৰ অংশীদাৰ দল অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু ডিব্ৰুগড়ৰ বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়েও সোণোৱালক সংগ দিয়ে।

বিপুল সংখ্যক দলীয় কৰ্মী তথা সমৰ্থকে মনোনয়ন দাখিলৰ সময়ত সৰ্বানন্দ সোণোৱালক আগুৱাই নিয়ে।

উল্লেখ্য যে, ডিব্ৰুগড় সমষ্টিত সোণোৱালৰ বিপক্ষে প্ৰতিদ্বন্দিতা আগবঢ়াব INDIA জোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ লগতে আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে।

Related News