NORTHEAST NOW (Assamese)

চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে প্ৰথম পচন্দ হ’ব পাৰে হোমিঅ’পেথি: কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল

April 10, 2022 10:53 am · এন ই নাও নিউজ, গুৱাহাটী

দেশৰ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলৰ বাবে হোমিঅ’পেথি হ’ব পাৰে প্ৰথম পচন্দ। কেন্দ্ৰীয় আয়ুস বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে এইদৰে কয়। সোণোৱালৰ মতে দেশত হোমিঅ’পেথি চিকিৎসাৰ গ্ৰহণযোগ্যতা অধিক।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে প্ৰজন্মৰ পিছত প্ৰজন্মই হোমিঅ’পেথি চিকিৎসাত আস্থা ৰাখি আহিছে। তদুপৰি, হোমিঅ’পেথি দৰৱো মানুহে সহজতেই লাভ কৰে। সেয়ে হোমিঅ’পেথি চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে প্ৰথম পচন্দ হ’ব পাৰে।

লগতে পঢ়ক: মাজনিশা আস্থাভোটত ক্ষমতা হেৰুৱাই অপসাৰিত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান 

শনিবাৰে বিশ্ব হোমিঅ’পেথি দিবস উপলক্ষে আৰম্ভ হোৱা দুদিনীয় সন্মিলন উদ্বোধন কৰি এইদৰে কয়।

ভাষণ প্ৰসংগত আয়ুস মন্ত্ৰী সোণোৱালে কয়,’’ হোমিঅ’পেথি কেবল আয়ুস চিকিৎসাৰে প্ৰথম পচন্দ নহয়, চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবেও ই প্ৰথম পচন্দ হ’ব পাৰে।‘’

‘’নেশ্যনেল কমিশ্যন ফৰ ইণ্ডিয়ান চিষ্টেমছ অফ মেডিচিন আৰু নেশ্যনেল কমিশ্যন ফৰ হোমিঅ’পেথি আৰু আয়ুস শিক্ষাক নতুন কেন্দ্ৰীয় শিক্ষানীতিয়ে একত্ৰিত কৰিছে যিটোৱে নতুন প্ৰতিভাক আকৰ্ষিত কৰিছে,’’- সোণোৱালে কয়।

লগতে চাওক: নৰ্থ-ইষ্ট নাওত নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

সোণাৱালৰ দাবী যে হোমিঅ’পেথি দৰৱ সহজতে পোৱা যায়। কোনো অসুখৰ বাবে মানুহে প্ৰথমতে হোমিঅ’পেথি চিকিৎসা কৰিব বিচাৰে। ইয়াৰ গ্ৰহণযোগ্যতা বৃদ্ধি পাই আহিছে।    

Related News