NORTHEAST NOW (Assamese)

উন্নাও ধৰ্ষণকাণ্ড : বিজেপিৰ প্ৰাক্তন বিধায়ক কুলদীপ চেংগাৰৰ জামিনত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ

December 29, 2025 3:11 pm · এন ই নাও নিউজ, গুৱাহাটী


উন্নাও ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত তথা বিজেপিৰ বহিষ্কৃত বিধায়ক কুলদীপ সিং চেংগাৰৰ জামিনৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে।

সোমবাৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰি স্পষ্ট কৰি দিয়ে যে এজন দোষী সাব্যস্ত অপৰাধীক এনেদৰে মুক্তি দিয়াটো সম্ভৱ নহয়।

উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ ফলত কাৰাগাৰৰ পৰা ওলাই অহাৰ পথ বন্ধ হৈ পৰিল প্ৰাক্তন বিধায়কজনৰ, যাৰ ফলত স্বস্তিৰ নিশাহ পেলাইছে ধৰ্ষিতা কিশোৰীগৰাকী আৰু তেওঁৰ পৰিয়ালে।

উল্লেখ্য যে ২০১৯ চনত নিম্ন আদালতে চেংগাৰক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল যদিও যোৱা মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰিছিল। দিল্লী উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তই দেশৰ আইন-শৃংখলা আৰু বিচাৰ ব্যৱস্থাৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে বুলি উচ্চতম ন্যায়ালয়ে মন্তব্য কৰে।

দিল্লী উচ্চ ন্যায়ালয়ে কুলদীপ সিং চেংগাৰৰ শাস্তিৰ ক্ষেত্ৰত তেওঁৰ ‘জনপ্ৰতিনিধি’ পৰিচয়ক লৈ এক বিশেষ ব্যাখ্যা আগবঢ়াইছিল। পকছ’ আইনৰ ৫ নম্বৰ ধাৰা অনুসৰি, যদি এজন জনপ্ৰতিনিধিয়ে এনে অপৰাধ কৰে, তেন্তে তেওঁৰ নূন্যতম শাস্তি ২০ বছৰ হ’ব লাগে। কিন্তু চেংগাৰে নিজৰ গাৰ পৰা ‘জনপ্ৰতিনিধি’ নামটো আঁতৰাবলৈ কৰা আৱেদন দিল্লী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিছিল আৰু তাৰ ভিত্তিতেই তেওঁৰ শাস্তি হ্ৰাস কৰা হৈছিল।

উচ্চতম ন্যায়ালয়ত চিবিআইৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে পকছ’ আইনৰ সংজ্ঞা অনুযায়ী এজন ক্ষমতাশালী বিধায়কক জনপ্ৰতিনিধিৰ আওতাৰ পৰা বাহিৰত ৰখাৰ কোনো যুক্তি নাই। মুখ্য ন্যায়াধীশ সূৰ্য কান্তইও দিল্লী উচ্চ ন্যায়ালয়ৰ এই ব্যাখ্যাক সমালোচনা কৰি কয় যে যদি এই যুক্তি মানি লোৱা হয়, তেন্তে এজন আৰক্ষী কনিষ্টবল জনপ্ৰতিনিধি হিচাপে গণ্য হ’ব পাৰে কিন্তু বিধায়ক বা সাংসদ নহয়।

সম্প্ৰতি শীৰ্ষ আদালতে এই সমগ্ৰ বিষয়টোক লৈ কুলদীপ সিং চেংগাৰৰ স্থিতি জানিব বিচাৰিছে আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত তেওঁৰ মুক্তিত নিষেধাজ্ঞা বলবৎ কৰিছে।

Related News