NORTHEAST NOW (Assamese)
অসম

মৃত্যুৰ প্ৰমাণ পত্ৰত মৃতকৰ উজ্জ্বল ভৱিষ্যৎ কামনা; গাওঁবুঢ়াৰ কীৰ্তি ফাদিল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 28, 2020 9:14 am
Child's body recovered from flood water in Bokakhat

কোনো ব্যক্তিৰ মৃত্যুৰ পাছত তেওঁৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তি দাবী কৰিবলৈ ডেথ চাৰ্টিফিকেট অৰ্থাৎ মৃত্যুৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হয়।

সাধাৰণতে হাস্পাতল কৰ্তৃপক্ষ বা চিকিৎসকে মৃতকৰ পৰিয়ালক সেই প্ৰমান পত্ৰ প্ৰদান কৰে। গাওঁ পঞ্চায়তৰ পৰাও মৃত্যুৰ প্ৰমাণ পত্ৰ দিয়া হয়।

মৃত্যুৰ এই প্ৰমাণ পত্ৰত মৃত ব্যক্তিৰ পৰিচয়ৰ লগতে তেওঁৰ মৃত্যুৰ কাৰণ সম্পৰ্কীয় তথ্যৰো উল্লেখ থাকে।

কিন্তু সেই প্ৰমান পত্ৰত মৃত ব্যক্তিৰ ‘ভৱিষ্যৎ উজ্জ্বল হওক’ ধৰণৰ কামনা কৰাটো কেবল হাস্যকৰেই নহয়, লগতে আশ্চৰ্যকৰো।

পৃথিৱীৰ মায়া এৰি পৰলোকলৈ গমন কৰা ব্যক্তিৰ আকৌ বৰ্তমান বা ভৱিষ্যৎ?

Death-Certificate
ছচিয়েল মিডিয়াত ভাইৰেল হোৱা সেই মৃত্যুৰ প্ৰমান পত্ৰখন।

আচৰিত হ’লেও এনে এক কামনাই কৰি ছচিয়েল মিডিয়াত হাঁহিৰ খোৰাক যোগাইছে উত্তৰ প্ৰদেশৰ উন্নাওৰ ছিৰৱাৰিয়া গাঁৱৰ আছোহা ব্লকৰ গাৱঁৰ মুৰব্বীয়ে।

দীৰ্ঘদিনীয়া অসুস্থতাৰ পাছত যোৱা ২২ জানুৱাৰিত গাওঁখনৰ বাসিন্দা লক্ষ্মী শংকৰ নামৰ এগৰাকী বৃদ্ধাৰ মৃত্যু হয়।

বৃদ্ধাৰ মৃত্যুৰ পাছত টকা পইচাৰ লেনদেনৰ বাবে মৃত্যুৰ প্ৰমান পত্ৰৰ প্ৰয়োজন হয়। সেয়ে, ততাতয়াকৈ গ্ৰাম প্ৰধানৰ কাষলৈ যায় বৃদ্ধাগৰাকীৰ পুত্ৰ বাবুলাল।

বাবুলালে তেওঁৰ পৰা মাতৃৰ মৃত্যুৰ প্ৰমাণ পত্ৰ বিচাৰে। গ্ৰাম প্ৰধানেও মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। ইয়ালৈকে সকলো ঠিকেই আছিল।

পিচে, গ্ৰাম প্ৰধানে মৃত্যুৰ প্ৰমান পত্ৰৰ শেষত লিখে,’মই তেওঁৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছো।‘’

বাবুলালে মাতৃৰ মৃত্যুৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰি আচৰিত হৈ পৰে। অৱশ্যে ভুল বুজিব পাৰি গ্ৰাম প্ৰধানে ক্ষমা বিচৰাৰ লগতে নতুনকৈ মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে।

ইপিনে, ডিজিটেল বিশ্বৰ এই যুগত মুহূৰ্ততে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এই মৃত্যুৰ প্ৰমাণ পত্ৰ। সকলোৱে ইয়াক লৈ হাঁহিৰ খোৰাক বিচাৰি পায়।