NORTHEAST NOW (Assamese)

প্ৰধানমন্ত্ৰীৰ ‘উপযোগী’ যোগীক ‘অনুপযোগী’ আখ্যা অখিলেশ যাদৱৰ

December 19, 2021 5:29 pm · এন ই নাও নিউজ, গুৱাহাটী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক ‘উপযোগী’ আখ্যা দিয়াৰ পিছতে এই অলংকৰণক উপহাস কৰি “অনুপযোগী” বুলি কটাক্ষ কৰিছে যোগী আদিত্যনাথে।

যাদৱে কয়, “অনুপযোগী” চৰকাৰৰ পৰা একো আশা কৰিব নোৱাৰি। বিজেপিয়ে কেৱল ‘হোৱাটছএপ বিশ্ববিদ্যালয়’ চলাব পাৰে।”

আন এটা মন্তব্যত তেওঁ লগতে কয়, ‘উত্তৰ প্ৰদেশত বিদ্যুতৰ বিল বৃদ্ধি কৰা জন কোন? এয়া যোগী নহয়, ই “অনুপযোগী”। প্ৰধানমন্ত্ৰীয়ে গংগাত ডুব দিছিল, কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে এই কাম নকৰিলে কাৰণ তেওঁ জানে যে গঙ্গাত সকলো লেতেৰা আৰু নলাৰ পানী মিহলি হৈ আছে।”

এটা টুইটত অখিলেশে কয়, “হাথৰাছৰ কন্যা, গোৰখপুৰৰ ব্যৱসায়ী, লখিমপুৰৰ কৃষক, অসুৰক্ষিত অনুভৱ কৰা মহিলা, নিবনুৱা যুৱক, দলিত আৰু পিছপৰা শ্ৰেণীৰ মানুহে উত্তৰ প্ৰদেশৰ বাবে কৈছে, বৰ্তমানৰ চৰকাৰ উপযোগী নহয়, ই ‘অনুপযোগী’।” উত্তৰ প্ৰদেশে এতিয়া বিজেপি নিবিচাৰে বুলি তেওঁ লগতে উল্লেখ কৰে।

আনহাতে শাসনাধিষ্ঠ চৰকাৰে বৈষম্যমূলক ভাৱে কাম কৰি আছে বুলি উল্লেখ কৰি যাদৱে লখিমপুৰ খেৰী হত্যাকাণ্ডৰ কথা উল্লেখ কৰে। তেওঁ লখিমপুৰ খেৰী কাণ্ডক ব্ৰিটিছ উপনিৱেশিক কালৰ জালিৱানাবাগৰ হত্যাকাণ্ডৰ লগত তুলনা কৰে।

উল্লেখ্য যে কালি ছাহজানপুৰৰ এখন ৰাজহুৱা সভাত মোডীয়ে মাফিয়াক আঁতৰ কৰা আৰু ৰাজ্যখনত উন্নয়নমূলক কাম কৰাৰ বাবে আদিত্যনাথক প্ৰশংসা কৰিবলৈ “ইউপি প্লাছ যোগী বহুত হে উপযোগী” এটা নতুন শ্ল’গান আওৰাইছিল। এই শ্ল’গানকে কটাক্ষ কৰি অখিলেশ যাদৱে উত্তৰ প্ৰদেশ চৰকাৰক এনেদৰে সমালোচনা কৰে।

Related News