NORTHEAST NOW (Assamese)

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 14, 2025 7:09 pm

উত্তৰ প্ৰদেশৰ হৰদয়াত সংঘটিত হৈছে এক জঘন্য ঘটনা। জন্মদিন উদযাপনৰ অজুহাতত এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগত দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই ঘটনা পোহৰলৈ অহাত সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

পুলিচৰ সূত্ৰ অনুসৰি, ভুক্তভোগী কিশোৰীগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰী আৰু তেওঁৰ বয়স প্ৰায় ১২ বছৰ। তেওঁক ৰুষ্টম যাদৱ (২১), যি আই টি আইৰ ছাত্ৰ, আৰু প্ৰিয়াংশু (১৯), যি ডি ফাৰ্মাৰ ছাত্ৰ

কিশোৰীগৰাকী স্কুলৰ পৰা উভতি অহাৰ সময়ত দুয়ো যুৱকে তেওঁৰ জন্মদিন উদযাপনৰ নামত বন্ধুৰ ঘৰলৈ লৈ যায়। তাৰ পিছতেই তেওঁলোক কিশোৰীগৰাকীৰ ওপৰত দলবদ্ধ ধৰ্ষণ কৰে। ইমানেই নহয়, ঘটনা গোপন ৰাখিবলৈ বন্দুক আৰু পিষ্টল দেখুৱাই হত্যাৰো ভাবুকি দিয়ে বুলি অভিযোগ উঠিছে।

অৱশ্যে কিশোৰীগৰাকীৰ আচৰণ সলনি হোৱাত পৰিয়ালৰ সন্দেহ হয়। ঘটনাটো কিশোৰীগৰাকীয়ে পৰিয়ালৰ চকুৰ গোচৰ হোৱাৰ পিছতেই পৰিয়ালে এজাহাৰ দাখিল কৰে আৰু আৰক্ষীয়ে দুয়ো অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

Related News