NORTHEAST NOW (Assamese)
Popular Stories

বিচনাৰ ওপৰত ৫০০ টকীয়া বাণ্ডিলৰ দম! পত্নী-সন্তানৰ এক ‘চেলফি’ত সংকটত উপ-পৰিদৰ্শক

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী June 30, 2023 10:58 am

আজিকালি চেলফি লোৱাটো এক নিচাত পৰিণত হৈছে। কিন্তু, কোনে জানিছিল যে এই নিচাই এগৰাকী আৰক্ষী বিষয়াৰ চাকৰিলৈ সংকট নমাই আনিব? উত্তৰ প্ৰদেশ আৰক্ষীৰ উপ-পৰিদৰ্শক ৰমেশ চাহানিৰ পত্নী আৰু পুত্ৰ-কন্যাই এখন চেলফি তুলিছিল। আৰু সেই চেলফিৰ বাবেই তেওঁ এতিয়া ডাঙৰ বিপদত পৰিছে।

এই উপ-পৰিদৰ্শকজন উন্নাও জিলাৰ বেটা মুজাৱাৰ অঞ্চলত নিযুক্ত হৈ আছিল। বৃহস্পতিবাৰে (২৯ জুন) তেওঁৰ পত্নী আৰু সন্তানৰ চেলফি ইণ্টাৰনেটত ভাইৰেল হৈ পৰে। ছবিখনত দেখা গৈছে বিচনাত ৫০০ টকীয়া নোটৰ বাণ্ডিল সজাই থোৱা আছে। আৰক্ষী বিষয়াৰ পৰিয়ালৰ লোক ইয়াৰ চাৰিওফালে শুই-বহি আছে। নোটৰ বাণ্ডিলৰ সৈতে এই ছবি ভাইৰেল হোৱাৰ পিছতে উপ-পৰিদৰ্শক ৰমেশ চাহানিক বদলি কৰা হয়।

লগতে পঢ়ক: ৰাজপ্ৰসাদ এৰিলে ৰাজকুমাৰ হেৰী আৰু পত্নী মেঘানে; খালী কৰিলে ৰাণীৰ উপহাৰ ‘ফ্ৰগম’ৰ কটেজ’

জানিব পৰা মতে, ছবিবোৰত মুঠ ৫০০ টকীয়া নোটৰ ২৭ টা বাণ্ডিল আছিল। মুঠ ধনৰাশি প্ৰায় ১৪ লাখ টকা! স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁক বৰ্তমানৰ পদৰ পৰা অপসাৰণ কৰা হৈছে। আপাততঃ তেওঁক আৰক্ষী লাইনলৈ বদলি কৰা হৈছে। খোদ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ শংকৰ মীনাই এই বিষয়ত উদ্বেগ প্ৰকাশ কৰি ঘটনাৰ পুংখানুপুংখ তদন্ত বিচাৰিছে।

বঙাৰমৌৰ আৰক্ষী চক্ৰ বিষয়া পংকজ সিঙক তদন্তৰ দায়িত্ব দিয়া হৈছে। তেওঁ এই ঘটনাৰ পৰিস্থিতিৰ পুনৰীক্ষণ কৰিব। তেওঁক এই সন্দৰ্ভত সকলো প্ৰাসংগিক প্ৰমাণ সংগ্ৰহ কৰি অনতিপলমে প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে। তদন্ত শেষ নোহোৱালৈকে আৰক্ষী লাইনত থাকিব ৰমেশ চাহানি।

ইপিনে, ৰমেশ চাহানিয়ে কোনো অন্যায় বা অবৈধ কাম কৰা নাই বুলি দাবী কৰিছে। তেওঁ দাবী কৰে যে ছবিবোৰ পুৰণি। ১৪ নৱেম্বৰ, ২০২১ত তোলা হৈছিল। সেই ধনৰ সকলো হিচাপ তেওঁৰ হাতত আছে বুলি দাবী কৰে। সেই সময়ত তেওঁ কিছু পৰিয়ালৰ সম্পত্তি বিক্ৰী কৰিছিল। ছবিখনত দেখুওৱা নগদ ধনখিনি হৈছে সেই সম্পত্তিৰ বিক্ৰীৰ পৰা পোৱা ধন।