NORTHEAST NOW (Assamese)

চনু চুডৰ বাবেই অসম্ভৱ বুলি ভবা কাম হৈ উঠিল সম্ভৱ; অজস্ৰজনৰ প্ৰশংসা

November 6, 2020 2:22 pm · এন ই নাও নিউজ

লকডাউনৰ সময়ত দুখীয়া লোকসকলক সহায় কৰি দেশবাসীৰ প্ৰশংসাৰ পাত্ৰ হোৱা বলীউদ অভিনেতা চনু চুডৰ ভাল কামৰ তালিকাখন দীঘলীয়া হৈ গৈয়ে আছে।

ক’ৰ’না কালত, যিসকল দুৰ্ভগীয়া লোকে সামাজিক মাধ্যমৰ যোগেদি সহায় বিচাৰিছিল সেই লোকসকলক অন্তৰ খুলি সহায় কৰিছিল চনু চুডে।

এতিয়াও অভিনেতাজনে দেশৰ বিভিন্ন প্ৰান্তৰ লোকক পাৰ্যমানে সহায় আগবঢ়াই আছে।

ছ’চিয়েল মিডিয়াত সদায় সক্ৰিয় হৈ থকা চনুৱে শেহতীয়াকৈ এটা টুইট কৰি উত্তৰ প্ৰদেশৰ এগৰাকী ছোৱালীৰ কাহিনী শ্বেয়াৰ কৰি কৈছিল যে তেওঁৰ সহায়ৰ বাবে কিদৰে ছোৱালীজনীৰ সমস্ত জীৱন সলনি হৈ গ’ল।

চনু চুদৰ কাৰণেই আজি সেই ছোৱালীজনীয়ে নিজৰ ভৰিত থিয় হ’বলৈ সক্ষম হৈছে।

দৰাচলতে, উত্তৰ প্ৰদেশৰ এজন ব্যক্তিয়ে চনুক টেগ কৰি লিখিছিল, ‘চনু চুড আপুনি আপুনি প্ৰতিভাৰ চিকিৎসা কৰি ইতিহাস ৰচিছে। উত্তৰ প্ৰদেশ সদায় আপোনাৰ ঋণী হৈ থাকিব। সমগ্ৰ ভাৰতৰ ভুক্ত ভোগী সকলৰ কণ্ঠ হৈ পৰিছে চনু চুড, কোটি কোটি প্ৰণাম’।

এই সন্দৰ্ভত চনুৱে টুইটাৰৰ জৰিয়তে মন্তব্য কৰি কয়, ‘যেতিয়া সকলোৱে কৈছিল যে প্ৰতিভাৰ বেমাৰৰ কোনো চিকিৎসা নহয় আৰু এতিয়া বহু বছৰৰ পিছত তেওঁ নিজৰ ভৰিত থিয় দিব। উত্তৰ প্ৰদেশৰ এই গৰাকী ছোৱালীৰ কাহিনীয়ে ইতিহাস লিখিছে’।

উল্লেখ্য যে অভিনেতা চনুৱে এগৰাকী বিকলাংগ ছোৱালীক সহায় কৰিছিল যাৰ শৰীৰৰ আধা অংশই কাম কৰি নাছিল আৰু তেওঁ বিচনাত শুই আছিল।

এই কথা জানিব পাৰি চনুৱে ছোৱালীজনীক সহায় কৰিছিল আৰু তেওঁৰ চিকিৎসাৰ সম্পূৰ্ণ ব্যয় বহন কৰিছিল।

এতিয়া চিকিৎসকসকলেও ছোৱালীজনীৰ শাৰিৰীক অৱস্থা আগতকৈ যথেষ্ট উন্নত হোৱা বুলি মন্তব্য কৰিছে।

Related News