NORTHEAST NOW (Assamese)

সহ্য নহয় ভনীয়েকৰ প্ৰেমিকক; খঙত ভনীয়েকক ডিঙি কাটি হত্যা, কটা মূৰ লৈ থানাত হাজিৰ ককায়েক

July 22, 2023 10:16 am · এন ই নাও নিউজ, নতুন দিল্লী
প্রতিনিধিত্বমূলক ফটো।

ভনীয়েকৰ প্ৰেমিকক সহ্য কৰিব নোৱাৰে। তাকে লৈ সদায় ককায়েক-ভনীয়েকৰ মাজত কাজিয়া। কিন্তু ইয়াৰ পৰিণাম ইমান ভয়াৱহ হ’ব পাৰে, সেয়া কল্পনাও কৰিব নোৱাৰি। ভনীয়েকৰ ডিঙি কাটি হত্যা কৰি কটা মূৰটো লৈ থানাত হাজিৰ হ’ল যুৱক।

উত্তৰ প্ৰদেশৰ বাৰাবাংকিত সংঘটিত হৈছে এই ঘটনা। মৃত যুৱতীৰ নাম আছিফা (১৮)। ফতেহপুৰ অঞ্চলৰ মিথৱাৰা গাঁৱৰ বাসিন্দা যুৱতীগৰাকীয়ে চান্দ বাবু নামৰ এজন যুৱকৰ প্ৰেমত পৰে। সেইটোৱেই সমস্যাৰ আৰম্ভণি। আছিফাৰ পৰিয়ালে চান্দ বাবুক মানি ল’ব বিচৰা নাছিল। যাৰ ফলত অশান্তিৰ সৃষ্টি হৈছিল।

লগতে পঢ়ক: মণিপুৰ জ্বলিছে, দুমাহ ধৰি তোমালোকৰ কোনো খবৰ নাই! বলিউডৰ চেলিব্ৰিটিসকলক এজাউৰি লিন লাইশ্ৰমৰ

কিছুদিন আগতে প্ৰেমিক চান্দ বাবুৰ  সৈতে আছিফা পলাই গৈছিল। আছিফাৰ পৰিয়ালে আৰক্ষীক অভিযোগ দিয়ে। কিছুদিনৰ পাছত আৰক্ষীয়ে আছিফাক বিচাৰিও আনে আৰু চান্দ বাবুক গ্ৰেপ্তাৰ কৰে। তাৰ পিছতে ঘটিল এই ঘটনা।

আৰক্ষীৰ মতে, এই ঘটনাৰ বাবেই কাজিয়া তীব্ৰতৰ হৈ পৰে। খঙত ককায়েক ৰিয়াজে চোকা অস্ত্ৰৰে আছিফাৰ মূৰটো কাটি পেলালে। সেয়াই নহয়, কটা মূৰটো বেগত ভৰাই থানালৈ লৈ যায়।

লগতে পঢ়ক: ‘প্ৰট’কল, বিশেষাধিকাৰ নহয়’; উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ আচৰণত অসন্তুষ্ট দেশৰ মুখ্য ন্যায়াধীশ

ৰিয়াজ (২২)ক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সম্প্ৰতি ৰিয়াজ আৰক্ষীৰ জিম্মাত। আছিফাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, ঘৰৰ ওচৰতে কোনো ঠাইত ককায়েকে ভনীয়েকক ডিঙি কাটি হত্যা কৰিছিল। আৰক্ষীয়ে মূণ্ডহীন দেহটোও উদ্ধাৰ কৰে।

Related News