• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘প্ৰট’কল, বিশেষাধিকাৰ নহয়’; উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ আচৰণত অসন্তুষ্ট দেশৰ মুখ্য ন্যায়াধীশ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 21, 2023 8:16 pm
দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়। ফটো: সংগ্ৰহীত।

দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়। ফটো: সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰে’ল যাত্ৰাৰ সময়ত খাদ্য নাপালে ন্যায়াধীশে। সেই বিষয়ত টিটিই বা ৰে’লৱে আৰক্ষীৰ কোনো সঁহাৰিও নাপালে। সেয়েহে আদালতৰ পঞ্জীয়কলৈ পত্ৰ লিখি ৰে’লৱেৰ আঞ্চলিক পৰিচালকৰ পৰা ব্যাখ্যা বিচাৰিলে। পঞ্জীয়কলৈ লিখা চিঠিখনত তেওঁ অভিযোগ কৰিছে যে এই ঘটনাত ন্যায়াধীশগৰাকীয়ে বহু কষ্ট ভোগ কৰিছে। ইয়াৰ বাবে তেওঁ বৰ অসন্তুষ্ট।

এই ঘটনাক সমালোচনা কৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে দেশৰ প্ৰতিখন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকললৈ এখন পত্ৰ লিখিছে। প্ৰশ্ন কৰা ন্যায়াধীশগৰাকীৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে লিখিছে, ‘এই কাণ্ডই ন্যায়পালিকাৰ ভিতৰত আৰু বাহিৰত যুক্তিসংগত অস্থিৰতাৰ সৃষ্টি কৰিছে।‘ ন্যায়পালিকাৰ আত্মসমালোচনাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে মুখ্য ন্যায়াধীশগৰাকীয়ে।

লগতে পঢ়ক: কংগ্ৰেছৰ সৈতে জড়িত পৰিয়াল; ৰাহুলৰ গোচৰৰ পৰা আঁতৰিব বিচাৰিছিল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ!

Apply Now

মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে স্পষ্টকৈ কয় যে ৰে’লত অসুবিধাৰ সন্মুখীন হ’লেও উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে ৰে’ল কৰ্মচাৰীৰ পৰা ব্যাখ্যা বিচাৰিব নোৱাৰে। কাৰণ উচ্চ ন্যায়ালয়ৰ সেই কৰ্তৃত্ব নাই। তেওঁ লগতে কয় যে বিচাৰকসকলে যিবোৰ “সুবিধা” প্ৰট’কল হিচাপে পায়, সেইবোৰ তেওঁলোকে বিশেষাধিকাৰ হিচাপে দাবী কৰিব নোৱাৰে। প্ৰট’কল বিশেষাধিকাৰক সমাজত ক্ষমতা বা কৰ্তৃত্বৰ প্ৰকাশ হিচাপে ব্যৱহাৰ কৰা উচিত নহয়।

দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে লিখিছে যে এনে ঘটনাই ন্যায়পালিকাৰ বিশ্বাসযোগ্যতা, বৈধতা আৰু আস্থা বিনষ্ট কৰে। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলক এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। তেওঁ কয়, ‘প্ৰট’কলৰ সুবিধাসমূহ এনেদৰে ব্যৱহাৰ কৰিব নালাগে যাতে আনৰ অসুবিধাৰ সৃষ্টি হয় বা ন্যায়পালিকা ৰাজহুৱা সমালোচনাৰ সন্মুখীন হ’ব লগা হয়।’

কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ক আদালতৰ ভিতৰত আৰু বাহিৰত বহুবাৰ ব্যতিক্ৰমী ভূমিকাত দেখা গৈছে। কেতিয়াবা হঠাতে উচ্চতম ন্যায়ালয়ৰ কেফেটেৰিয়াত উপস্থিত হৈছে। কেফেটেৰিয়াৰ কৰ্মীৰ পৰা উপস্থিত অধিবক্তাসকলে তেওঁক দেখি স্তম্ভিত হৈ পৰিছে। ন্যায়পালিকাৰ বেক অফিচৰ কৰ্মচাৰীৰ ভূমিকাৰ গুৰুত্ব তেওঁৰ ভাষণত বাৰে বাৰে প্ৰকাশ পাইছে। তেওঁ উচ্চতম ন্যায়ালয়ৰ চাফাই কৰ্মীকে ধৰি কেইবাটাও পদৰ নাম সলনি কৰিছে। আনকি লণ্ডনলৈ অৱসৰ কটাবলৈ যোৱাৰ সময়তো তেওঁ ন্যায়পালিকাৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখে।

লগতে পঢ়ক: মণিপুৰ কাণ্ডত নতুন বিতৰ্ক! বিবস্ত্ৰা কৰি মহিলা দুগৰাকীক খোজ কঢ়োৱাৰ কথা আগতেই জানিছিল ৰাষ্ট্ৰীয় মহিলা আয়োগে

উদাহৰণস্বৰূপে, এক বিবাহ বিচ্ছেদৰ গোচৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে মহিলাগৰাকীৰ কুণ্ডলী বিচাৰৰ নিৰ্দেশ দিয়ে। ইয়াৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি তেওঁ উচ্চতম ন্যায়ালয়ৰ অৱসৰকালীন বিচাৰপীঠক বিষয়টোত হস্তক্ষেপ কৰিবলৈ নিৰ্দেশ দিছিল। এইবাৰ তেওঁ ন্যায়াধীশৰ আচৰণক লৈও উদ্বেগ প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd